জন্ম গাওঁখন এৰি
জীৱিকা বিহীন পুৰঠ ডেকাটো
নিৰুদ্দেশ হ'ল অনিৰ্দিষ্ট কাললৈ ,
যন্ত্ৰণাত ছাটি-ফুটি হিয়া
হতাশাত অতিষ্ঠ মন
আক্ৰোশৰ বেদনা গধুৰ সময়
উত্তেজনাৰ তেজস্বী ক্ষণ
সপ্নাতুৰ অভিলাষৰ প্ৰৱল জোকাৰণি
সংগ্ৰামৰ কণ্টকিত পথ
সৎ নে অসৎ তালৈ ভ্ৰুক্ষেপ নাই
প্ৰলোভনৰ প্ৰাণৱন্ত সন্মোহন
দূৰ্বাৰ সাহসৰ কণ্টকিত জীৱনলৈ
দূৰন্ত সপোন বিচাৰি নিৰুদ্দেশ হ'ল ।
আৰু পৰিবৰ্তনৰ অন্তত
মুখত ফুটিল বিপ্লৱৰ শ্ল'গান
কান্ধত ওলমিল ষ্টেনগান
অনুতাপ বিহীন অপৰাধৰ এখন ক্ষেত্ৰ
সন্ত্ৰাসৰ ত্ৰাসত একাংশ কম্পমান ,
আহ্বান নে ভীতিবিহ্বল
দৌৰাত্ম্য নে উগ্ৰ জাতীয়তাবাদ
যুক্তিত অটল
মুক্তিৰ মহাসংগ্ৰাম
বিপ্লৱী সত্বা নে উচ্ছৃংখল বাৰ্তা
পৈনত নে অপৈণত বুদ্ধিসত্বা নে বুদ্ধিমত্তা
আন্ধাৰত তহল দিয়ে
কুটাঘাতৰ আঘাত সংঘাতত লিপ্ত ,
সংগ্ৰামৰ পথ দীঘলীয়া
গভীৰ অৰণ্যত কুচকাৱাজ চালুকীয়া
আদিপাঠৰ বুনিয়াদ তাতে শিকিছে ,
নিপুন খনিকৰ নে বাজিগৰ
আসন্ন বিপদ হাতৰ তলুৱাত বহ্নিমান
সেই সময়ত ভয় ভ্ৰান্তি নাই
অগ্নি ফুলিংগৰ উতপ্ত বাসনাত উত্তেজিত
অল্পবিদ্যাৰে জ্ঞানশিক্ষা আহৰণ
মুক্তিকামী সৈনিক
মাজে মাজে লঘোনত ঘুৰে
কঠোৰ নিৰ্দ্দেশনাত জীৱন নিয়ন্ত্ৰণ
নহ'লে বিপদ ঘনে ঘনে আহে
কেতিয়াবা মৃত্যুদণ্ডৰে হ'ব পাৰে পুৰস্কাৰ
শুদ্ধ বিশুদ্ধ গতি অনিৰুদ্ধ
পথ অশুদ্ধ বুলি জানিলেও ভ্ৰুক্ষেপ নাই
মৰণত শৰণ লৈ বিপ্লৱ কৰে
মিছা স্বপ্নত উটি ফুৰে
পৰিত্যক্ত আপোন ঘৰখন
বিৰক্তিৰ পথত অবিৰত যাত্ৰা
আসক্ত বিষাক্ত
জাতিৰ শত্ৰুক কৰে চিনাক্ত
তপ্ত ৰক্তৰে উজ্জ্বীৱিত
পনবন্দী কৰে নিৰ্দোষী জনক
মুক্তিপনৰ দাবী উঠে অবিশ্বাস্য হাৰত
লুণ্ঠনৰ মন্ত্ৰেৰে বিপ্লৱ গঢ়ে
গণহত্যাৰ উৎসৱ পাতে
প্ৰৰোচিত হৈ কৰে বৰ্বৰোচিত কৰ্ম
বিপ্লৱী বীৰ সকল আক্ৰান্ত
নৃশংসতাৰ আনন্দ মেলাত কৰে চক্ৰান্ত
ৰক্ত ক্ষয়ৰ মহাযজ্ঞ উদযাপন
ব'ম ফুটাই
গ্ৰেনেড দলিয়াই বীৰত্ব দেখুৱাই
বুলেটেৰে প্ৰাণ কাঢ়ে
বিবৃত্তি বোৰ আবৃত্তিৰ দৰে পাঠ কৰে
শোষণৰ বিৰুদ্ধে ৰণত নামে
ডকাইতিৰ দৰে দান সংগ্ৰহ কৰে
ক'লা বজাৰৰ পৰা অস্ত্ৰ কিনে
ভৎচনা আওকাণ কৰে
গৰিহণাত গা নলৰে
ৰাজহুৱা সম্পত্তি জ্বলাই দিয়ে
আলোচনাত জটিল চৰ্ত ৰাখে
কূটকৌশলেৰে তৈয়াৰ কৰে ৰণকৌশল
শ্ল'গানত জাগে বিপ্লৱৰ মহাসংগ্ৰাম
বিদ্যুৎ গতিত সঞ্চালিত তেজ
বিস্ফোৰণত মুণ্ড হেৰায়
ক্ষত বিক্ষত অংগ ছিটিকি পৰে
অক্ষম অপৰাধত নিমগ্ন ,
এদিন নিশ্চয় এই গৰ্ব বিপন্ন হ'ব
অহংকাৰৰ দৰ্পচূৰ্ণ হ'ব
তেজোদীপ্ত ভাষাণ সেমেকি ৰ'ব
বিপ্লৱৰ মহাসংগ্ৰাম সমাপ্তি ঘটিব
সৈনিক বিলাক বুঢ়া হৈ আহিব
অবাস্তৱ সপোনে নিৰলে উচুপি ৰ'ব।
✍️ অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ