ইটো মহাভাগৱত শাস্ত্র বৈকুণ্ঠৰ।।১১৷৷
আত মহাধৰ্ম্ম একে নামেসে প্রখ্যাত।
শ্ৰৱণ মাত্রকে কৰে কৃষ্ণক সাক্ষাত।।
পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ।
হৰিগুণ নামধৰ্ম্ম মহা সুখকৰ।।১২।।
স্ত্রী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ।
চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ।।
দ্বাপৰ যুগত মঞি পঢ়িলো পিতৃত।
তুমি মহা বৈষ্ণৱত কৰিবো বিদিত।।১৩৷৷
প্রশ্নৰ উত্তৰ দেঞো শুনা সাৱধান।
কৃষ্ণৰ নামেসে জানা পৰম কল্যাণ।।
নামে সাধে যাৰ যেনমত অভিলাষ।
যিবা মোক্ষ চাহৈ বৈকুণ্ঠত দেন্ত বাস।।১৪।।
জ্ঞানৰো জানিবা হৰিনামে মোক্ষ ফল।
নাহিকে নামত পৰে পৰম মঙ্গল।।
চাৰিয়ো বেদৰ সাৰ এহিসে নিশ্চয়।
জানি পৰীক্ষিত তুমি তেজিয়ো সংশয়।।১৫।।
অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি।
দুই দণ্ডে পাইলা গতি খট্বাঙ্গ নৃপতি।।
দানৱগণক জিনি নৃপতি পূৰ্ব্বত।
দেৱতাক ৰক্ষা কৰি আছিলা স্বর্গত।।১৬।। (ভাগৱত )
ভাগৱতৰ দ্বিতীয় স্কন্ধত
পঞ্চ-পাণ্ডৱৰ নাতি পৰীক্ষিতক মহামুনি বেদব্যাসৰ পুত্ৰ শুক মুনিয়ে কৈছে , "এই যে তুমি কৈছা তোমাক সাতদিনৰ ভিতৰত সৰ্পৰাজ তক্ষকে দংশন কৰিৱ আৰু তোমাৰ মৃত্যু হৱ ৷" তুমি সাতদিন পাইছা বহু সময় পাইছা ৷ গতি নিশ্চিত ভাৱে পাবা এতিয়া ৷ এই সাতদিনটো তাৎপৰ্যপূৰ্ণ কথা ৷ আমাৰ সাতদিনেই অৰ্থাৎ সাতবাৰৰ ভিতৰত কোনোবা এটা বাৰত এই সংসাৰৰ পৰা যাৱ লাগিৱ ৷
আৰু খট্বাঙ্গ নৃপতি এই শব্দৰ আধ্যাত্মিক তাৎপৰ্য হ'ল খট্বাঙ্গ মানে সৎ সংগ অৰ্থাৎ সৎ গুন। সৎ সংগ আচৰিলে মনুষ্যই দুই দণ্ডত মুক্তি পায় । তেওঁ পূৰ্বত দেৱতা সকলক ৰক্ষা কৰি আছিল বুলি কৈছে এই দেৱতা সকল কোন বাৰু ?? সৎ গুনেই হ'ল দেৱতা ৷ সৎ গুণ বিলাকক তেওঁ ৰক্ষা কৰি আছিল ৷ আৰু ৰক্ষা কৰি থকা কাৰণেই তেওঁ দুই দণ্ডত পৰম গতি লাভ কৰিলে ৷ কাৰণ এই তিনিটা গুনৰ সত্ব গুনে দেৱতা, গতিকে পালক,ব্ৰহ্মা ৰজোগুণ,ৰূদ্ৰত তম গুণত ভাগ কৰিছে ৷ গতিকে এই খট্বাংগ নৃপতিৰ আধ্যাত্মিক দৰ্শন তাত অসুৰ সকলক বধ কৰিলেহে দেৱতা সকলক ৰক্ষা কৰা হৱ ৷ আমাৰ লগত থকা ছয়টা ৰিপু ডাঙৰ অসুৰ কাম,ক্ৰোধ,লোভ,মোহ,মদ,মাৎসৰ্য্য ৷ এই ছয়টা ডাঙৰ অসুৰৰ লগত সহযোগীৰূপত কোটি কোটি অসুৰ আছে ৷ মানে পৰিয়াল আছে ৷ এই অসুৰ সকলক বধ কৰিলে দেৱতা সকল ৰক্ষা হয় অৰ্থাৎ সৎ গুণ বিলাক ৰক্ষা হয় ৷ আৰু সৎ গুণ বিলাক ৰক্ষা কৰি থাকিলেহে কি হৱ ,এই দুই দণ্ডত পৰম গতি পাৱ ৷ সেইবাবে এই সাতদিন অনন্ত কাল গতিকে এই সাতদিনতেই অহা যোৱা কৰিৱ লাগিৱ (জন্ম,মৃত্যু) ৷
সংসাৰৰ ত্বৰণৰ পথ অসংখ্য আছে কিন্তু কলিত শ্ৰৱণ, কীৰ্ত্তনকেই উত্তম বুলি কৈছে ৷
নামঘোষাত মাধৱ দেৱে আমাক কি কৈছে
শুনিও শাস্ত্ৰৰ মৰ্ম. আপোন কুশল চোৱা যেবে তেবে নেৰিবা যুগধৰ্ম ৷
আৰু যুগধৰ্মত কি কৈছে
সত্য যুগে ধ্যান,
ত্ৰেতা যুগে যজ্ঞ,
দ্বাপৰত পূজা,
কলিত হৰি নাম বিনে নাহিকে দ্বুজা ৷ বাকী বিলাক ত্বৰণৰ পথ কলিত দুস্কৰ বুলি আমি প্ৰথম স্কন্ধটো পঢ়িৱলৈ আৰু শুনিৱলৈ পাইছো ৷ প্ৰথম স্কন্ধত শৌনক আদি সমস্ত ঋষি সকলৰ আগত প্ৰকাশ কৰিছে যে কৃষ্ণকে আৰাধনা কৰি ইমান যাগ-যজ্ঞ কৰিলো অৰ্থাৎ এবছৰত ৩৬৫ দিনেই যজ্ঞ কৰিৱলগীয়া হৈছে কিন্তু ফল একো নাপালো বৰঞ্চ যজ্ঞৰ ধোঁৱাত শৰীৰটো ধুম্ৰ বৰণীয়া হোৱা বুলি আক্ষেপ কৰিছে ৷ ধোঁৱাতেই আবৃত থাকিলো কিন্তু সাৰ্থক নহলো বুলি কৈছে ৷ গতিকে এইবোৰত বিপদ,বিঘিনিৰ লগতে মহা দুস্কৰ কৰ্ম বুলি শেষত তেওঁলোকেও ব্যক্ত কৰিছে ৷ গতিকে কৃষ্ণক শ্ৰৱণ -কীৰ্ত্তনৰ দ্বাৰাহে পাইছে আৰু এইটোৱেই বিঘিনি নথকা পথ বুলি কোৱাৰ লগতে খৰচ নাই,ভাগৰ নালাগে,কষ্টকৰ নহয় বুলি ভাগৱতেও উপদেশ বা তাৎপৰ্যপূৰ্ণ ভাৱে সিদ্ধান্ত দিছে ৷
সেইবুলি এই আধ্যাত্মিক কথা ভাগৱতৰ দ্বিতীয় স্কন্ধত এক সুন্দৰ সিদ্ধান্ত দিছে ৷
তিনি গুণে দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ।
ব্ৰহ্মাই বেদক তিনিবাৰ নীৰিক্ষণ কৰি কেৱল হৰি নামকেই শ্ৰেষ্ঠ বুলি প্ৰমান পাইছে ৷ ব্ৰহ্মাৰ চাৰিখন মুখে যদি তিনিবাৰ পঢ়ি পাইছে তেন্তে তিনিবাৰকৈ চাৰিখন মুখত ৩×৪=১২ বাৰ পঢ়িছে ৷ এই ১২ বাৰত কলি কালত হৰি নামেহে শ্ৰেষ্ঠ আৰু সমস্ত দেৱ সকলৰ ভিতৰত বিষ্ণুৱেই(কৃষ্ণ) শ্ৰেষ্ঠ বুলি প্ৰমান পালে ৷
সেইবাবে শংকৰদেৱে কীৰ্ত্তনৰ "নাম অপৰাধ" নামৰ অধ্যায়ত নাৰদ আৰু সনত কুমাৰ মাজত হোৱা কথোপকথনক উদ্ধৃতি দি কৈছে---
পৰম বান্ধৱ হৰিৰ নাম।
যিজনে আক লৱৈ অবিশ্ৰাম॥
তাৰ সাত কাৰ্য্য সাধিবে দেখা।
প্ৰতি প্ৰতি লোৱা সাতৰো লেখা॥ ৬৪॥
প্ৰথমে দহিব পাতকচয়।
কৰিবে মহাপুন্য অদ্ভ্যুদয়॥
কৰাইবে বিষয়ত বিৰকতি।
কৃষ্ণত পৱাইবে প্ৰেম ভকতি॥ ৬৫॥
উপজাইবে অতি বৈষ্ণৱ জ্ঞান।
মায়াকো দহিয়া কৰৈ নিৰ্য্যান॥
চৈতন্য মুৰ্ত্তি পূৰ্ণানন্দ হৰি।
থৈবন্ত তেন্তে এৰে একে কৰি॥ ৬৬॥
তেৱেসে নাম হৈবে উপশান্ত।
কহিলো পৰম তত্ত্ব একান্ত॥
নাম বিনে নাহি কলিত গতি।
কলিৰ লোক হুইবে পাপমতি॥ ৬৭॥
অন্যত্ৰ ধৰ্ম্ম নাহি অধিকাৰ।
জানিবা কলিত নামেসে সাৰ॥
কলিত সদা নুসুমৰৈ হৰি।
হেলাত মৰৈ আত্মঘাত কৰি॥ ৬৮॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
মনুষ্য জন্মক নপায় সেন্থৰে॥
আকো বৃথা কৰা কিনো অভাগী।
মাণিক্যক বিকা কাঞ্চক লাগি।। ৬৯॥
কেতিক্ষনে কিবা মিলৈ বিঘাত।
তথাপী চেতন নাহিকে গাত॥
আজি কালি কিবা মিলৈ মৰণ।
হৰিৰ নামত লৈয়ো শৰণ॥ ৭০॥
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ