বান্ধৱীৰ চিঠি - দ্বিপশিখা দাস

©Admin
0
খিৰিকী খুলি হাত দুখন মেলি 
           চুলু বৰষুণৰ পানী, 
মনত ভাহিল মৰমীয়া বান্ধৱীৰ 
           মিঠা সময় খিনি ।
আবেগ মনেৰে মই ভাবো সিহঁতে,
           মোক পাহৰিলেই নেকি?
এটি দুখৰ খঙেৰে জাগি উঠিলো,
           নলওঁ, মইয়ো নলওঁ
সিহঁতৰ খবৰ, নেপেলাওঁ মনত
           কিন্তু মনে নেমানিলে ।
হঠাৎ আহিল এদিন মৰমীয়া বান্ধৱীৰ 
            আলসুৱা এখন চিঠি।
এটি মই ভাৱিব নোৱাৰা মূহুৰ্ত 
            মুখত এটি হাঁহি 
তাই লিখা চিঠিৰ শব্দত যেন 
            উচ্চাৰণৰ লগে লগে 
মোৰ আনন্দৰ চকুৰ পানী টুপাল পৰি
            শব্দত ৰং হানিচে 
বহুদিনৰ মনৰ দুখত এটা যেন 
             আজি মৰহী গ'ল
বিশ্বাস হলো এই চিঠিত জীৱিত আছে 
            আমাৰ মাজৰ স্মৃতি।
   


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)