এটি সুকান্ত পৰিয়ালত
য'ত, বেছি টকা পইচা নহ'লেও
ডাঙৰ হলো অসীম মৰমত।
আদৰ যতনত লালিত পালিত হৈ
সুস্বাস্থ্য গঢ়িব পাৰিলো,
এই পৰিয়ালতে ডাঙৰ হৈ
জ্ঞানৰ পোহৰ দেখিলোঁ।
মাতৃৰ শুৱলা নিচুকনী গীত
আৰু আইতাৰ ৰসাল সাধু
এই মোৰ সুকান্ত পৰিয়ালত
মই ক্ষুদ্ৰ কবিতা ৰচো।
দেউতাই দৃঢ় পৰিশ্ৰম কৰি
পিন্ধাইছে ৰঙীন কাপোৰ,
সামান্য জ্ঞান লভিছো মই
আইতাৰ ৰসাল সাধুৰ।
আয়ে তাঁতৰ শালত লগাই
চেনেহৰ বিহুৱান,
আইতাৰ প্ৰাৰ্থনা সুৰত
পাতে ককায়ে কাণ।
বৰমাই ৰিহা মেখেলাৰ তাঁতত
কৰে ফুলৰ বাছনি,
মোৰ আটাইতকৈ প্ৰিয় আলোচনী
অসমীয়া সাহিত্যৰ চানেকি।
এই মমতাৰে ভৰা পৰিয়ালৰ বলতে
দেখিলোঁ মই জীৱনৰ বাট,
সুকান্ত পৰিয়ালে দিছে মোক
পুৱা,গধুলি আৰু দুপৰীয়াৰ ভাত।
এই স্নেময়ী পৰিয়ালৰ বিনে
মই সঁচাই নিৰাশ্ৰয়,
এই আদৰ্শ পৰিয়ালত ভৱিষ্যতৰ
সপোন ৰচো মই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ