অনুভৱ- অৰুণামালি মৰাণ

©Admin
0
কেনেকৈ লিখো সেই কবিতা
যি কবিতাৰ প্ৰতিটো শাৰীত
আপুনি জিলিকিব।
প্ৰতিটো শব্দত লুকাই থাকিব 
আপোনাৰ লগত জড়িত 
একো একোটি স্মৃতি।
ভাল লগা সময় বোৰ 
কবিতা হৈ যায় আৰু
আৱেগ বোৰ সেই কবিতাৰ 
একো একোটা শাৰী।
কবিতাবোৰ স্মৃতি হৈ ৰৈ যায় 
আৰু ভাল পোৱা বোৰ
অনাদি কাহিনী
বুজিও নুবুজা 
দেখিও নেদেখা এটা
 অনাদি কাহিনী।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)