নিকুম্ভ বধ,ৰাম নামৰ মহিমা আৰু কাশীৰাজ আৰু হনুমন্তৰ কাহিনী••জ্যোতিষ্ক বৰুৱা

@admin
0
ৰাৱণ বধৰ পিছত বিভীষণ লংকাৰ ৰজা হৈছিল ৷ কিন্তু দেৱতাৰ বৰত অসুৰ নিকুম্ভ প্ৰৱল-প্ৰতাপী হৈ এবাৰ লংকাৰ ৰজা বিভীষণৰ ৰাজ সিংহাসন কাঢ়ি লৈছিল।কুম্ভৰ ভয়ত পুণৰ বিভীষণ ৰামৰ আশ্ৰয় লৈছিল। ৰামে বিভিষণক অভয়দান দিছিল আৰু ৰাম আৰু কুম্ভৰ ভীষণ যুদ্ধ হৈছিল ৷ ৰামৰ লগত কুম্ভৰ লগত হোৱা যুদ্ধত ৰামবান নিক্ষেপ কৰিছিল। আৰু ৰামবানত তিস্তিৱ নোৱাৰি ৰামবানৰ প্ৰকোপত ভয়ত বলি, বিশ্বশ্ৰৱা , শুক্রাচাৰ্য, ব্ৰহ্মাৰ ওচৰত প্ৰাণ ৰক্ষাৰ উপায় বিচাৰি সহায় ভিক্ষা কৰিৱ ধৰিলে, কিন্তু কোনেও ৰক্ষা কৰিৱ নোৱাৰিছিল। অৱশেষত ৰামবানে কুম্ভৰ শিৰ ছেদ কৰিছিল ৷ আৰু ৰামবাণ ৰামবান উভতি আহিছিল ৷ ৰামবান উভতি যদিও ৰামৰ ধনুৰ শৰৰ তূণত প্ৰৱেশ কৰা নাছিল আৰু নিদিষ্ট এটা ঠাইত ৰামৰ সন্মুখত ৰৈ আছিল ৷ তাকে দেখি ৰামে হনুমন্তক ৰামবান ডাল আনি তূণত ৰাখিৱলৈ কলে ৷ সেই একে সময়তে সদাশিৱই পাৰ্বতীৰ সতে আকাশ মাৰ্গত ভ্ৰমণ কৰি আছিল। আৰু সেই দৃশ্য দেখি পাৰ্বতীক কৈ আছিল ৰামবানতকৈ ৰাম নাম শ্ৰেষ্ঠ । সেই বাবে মই ৰাম নাম অৰ্হনিশে লওঁ। সেই সময়ত তাৰেই ৰাম নামৰ পৰীক্ষা কৰিবলৈ পাৰ্বতী আকাশৰ পৰা নামি আহিল আৰু পাৰ্বতীয়েই ৰামবান ডাল মহামায়া ৰূপ ধাৰণ কৰি তেনে অৱস্থাত ৰাখি থৈছিল ৷ যেতিয়া হনুমন্তই সেই ৰামবান স্পৰ্শ কৰিৱলৈ ললে শৰ ডাল অন্যদিশেৰে গতি কৰিলে ৷ হনুমন্তয়ো শৰডাল ওভোটাই আনিবলৈ বায়ু বেগেৰে গতি কৰিলে ৷ পিচে হনুমন্তই সেই শৰ বা ৰামবানডাল লগ নাপায় হে নাপায় ৷ অৱশেষত এনেদৰে গৈ গৈ হনুমন্তৰ পিতৃৰাজ্য সুমেৰু ৰাজ্যত প্ৰৱেশ কৰাত শৰডাল ৰৈ যোৱাত তাক লৈ ৰামৰ ওচৰলৈ নিৱলৈ লওঁতে ৰাম নামৰ গুনানুকীৰ্ত্তন কৰি থকা ধ্বনি শুনিবলৈ পালে ৷ ইফালে সিফালে গমি পিতি দেখিলে ৰজা কাশীৰাজে ৰামৰ বিগ্ৰহ সাজি তেওঁৰ কিছুমান সংগী সকলৰ সতে এই কাৰ্য কৰি আছে ৷ তাকে দেখি হনুমন্তই সাধুৰ ৰূপ ধাৰণ কৰি কাশীৰাজৰ সতে ৰাম নামৰ কীৰ্ত্তন কৰিৱলৈ ধৰে আৰু শেষত যাৱলৈ লওঁতে কাশীৰাজে তেওঁৰ নিজৰ পৰিচয় দিয়ে আৰু ৰাম নামৰ প্ৰকৃত তত্ব দি বিদায় লয় ৷ হনুমন্তই কিছু দূৰ যোৱাত মহামায়াৰূপী পাৰ্বতীয়ে হনুমন্তক যাৱলৈ বাধা দিয়ে আৰু মহামায়াৰ লগত ভীষণ যুদ্ধ লাগে ৷ মহামায়াই হনুমন্তক মায়াৰে বন্দী কৰে যদিও ৰামনামৰ গুণৰ ফলত হনুমন্তই মায়াৰ পৰা হোৱা বন্দীত্বৰ পৰা মুক্ত হয় আৰু মায়াকেই বন্দী কৰি মায়াক আঁচল পৰিচয় সুধে ৷ মায়াই নিজৰ পৰিচয় দি হনুমন্তক আৰ্শীৱাদ দিয়ে আৰু আগন্তুক কিছু সময়ৰ পিছত হনুমন্তই এক ভীষণ পৰীক্ষা দিব লাগিব বুলি কৈ কোনো কথা নজনোৱাকৈ দেৱী অন্তধান হয় ৷ সেই সময়ত কি হ'ব-নহ'ব ভাৱি থাকোতে দেখিলে যে মায়াৰ লগত আৰু ৰামবানৰ পিছে পিছে আহি দেখুন হনুমন্তই দেখুন পিতৃ-ৰাজ্যত পালেহি ৷ ইমান দিনৰ মূৰত স্বদেশত পালেহি যেতিয়া নিজ পিতৃ-মাতৃক দেখা কৰি যাবলৈ মন মেলিলে আৰু পিতৃ-মাতৃৰ কাষ পালেগৈ ৷ আৰু নিজৰ পিতৃ-মাতৃক সেৱা জনাই কুশল বাৰ্তা সুধিলে ৷ হনুমন্তৰ আগমনৰ খৱৰ লগে লগে বিয়পি পৰাত সুগ্ৰীৱ,নল,নীল,অংগদ আদিও উপস্থিত হৈ হনুমন্তৰ সতে বাৰ্তালাপ কৰিৱলৈ ধৰিলে ৷ তেনেতে মোক বচোৱা বচোৱা বুলি কন্ঠস্বৰ শুনিৱলৈ পালে ৷ চাই দেখে এজন ব্যক্তি তেওঁলোকৰ ফালেই ভয়ত আশ্ৰয় বিচাৰি আহিছে ৷ হনুমন্তই এইয়া ৰজা কাশীৰাজ তাক চিনি পালে ৷ হনুমন্তই কিবা সুধাৰ আগতেই কাশীৰাজে হাতযোৰে মোক বচাওক,মোক ৰক্ষা কৰক বুলি কৱলৈ ধৰিলে ৷ তেনেতে হনুমন্তৰ মাতৃয়ে মাত লগালে যে হে, কাশীৰাজক অভয় প্ৰদান কৰি কৱলৈ ধৰিলে, " হে ৰাজন মোৰ পুত্ৰ মহাবীৰ হনুমান থাকোতে তোমাৰ কোনো ভয় কৰিৱলগীয়া নাই ৷ তুমি নিশ্চিন্ত হোৱা ৷"
আৰু এইবুলি কৈ হনুমন্তক কাশীৰাজক কোনো কাৰণ নজনাকৈ শৰনাৰ্থী হিচাপে তেওঁলোকৰ গৃহত প্ৰৱেশ কৰা কাশীৰাজক ৰক্ষা কৰিবলৈ আদেশ কৰে ৷
কিন্তু এই কথা শুনি ৰজা কাশীৰাজে কলে যে এই স্বয়ং বিপদৰ পৰা মোক কোনেও ৰক্ষা কৰিৱ নোৱাৰে ৷ তেতিয়া হনুমন্তই প্ৰতিজ্ঞা কৰি কলে যে মোৰ প্ৰাণ দি হলেও তোমাক ৰক্ষা কৰিম ৷ কাৰণ মোৰ মাৰ আজ্ঞা পালন কৰাটো মোৰ কৰ্তব্য ৷ তাকে শুনি কাশীৰাজে কলে যে কিছু সময়ৰ আগত এক ঘোৰ অন্ধকাৰ ৰূপী তিৰোতা সদৃশ কলা ছাঁয়াই মোৰ ৰাজ্যত প্ৰৱেশ কৰিছিল ৷ আৰু গাজনি-ঢেৰেকনি,ধুমুহা-শিলাবৃষ্টি সৃষ্টি কৰি প্ৰজাৰ মাজত হাঁহাকাৰ আৰু উপদ্ৰৱ কৰিৱলৈ আৰম্ভ কৰাত মই ধনু ধৰি অষ্ট্ৰ নিক্ষেপ কৰাত মোৰ লগত যুদ্ধ হয় ৷ কোনোপধ্যেই সেই শক্তিক পৰাভূত কৰিৱ নোৱাৰাত চক্ৰবান অষ্ট্ৰ নিক্ষেপ কৰিবলৈ লোৱাত ক্ষনিক অন্তধান হোৱাত হঠাৎ বিচাৰি ফুৰোতে ঋষি বিশ্বামিত্ৰই যি জোপা গছৰ তলত তপস্যা কৰি আছিল সেই গছজোপাত দেখা পোৱাত তালৈকে সেই বান নিক্ষেপ কৰাত গছজোপা ভাগি পৰাত কথমপি ঋষি বিশ্বামিত্ৰ ৰক্ষা পৰে ৷ ঋষিৰ কোনো ক্ষতি নহল যদিও গছজোপো ভাগি পৰাত ঋষিৰ ধ্যানভংগ হয় ৷ আৰু খঙত অভিশাপ নিদি উচিত দণ্ড দিয়াৰ কথা কৈ তাৰ পৰা ঋষিও আতৰি যায় ৷ কি কৰিম নকৰিম ভাৱি থাকোতেই সেই কলা ছায়াঁই এক সুন্দৰী দেৱীৰ ৰূপ ধাৰণ কৰি মোক কৱলৈ ধৰে, " হে কাশীৰাজ তোমাৰ দণ্ড অনিবাৰ্য ৷ যিহেতু তুমি প্ৰভু ৰামৰ সৰ্ববিদ্যাৰ গুৰু বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিছা ৷ ৰামৰ দেশত তেওঁৰ গুৰুক কৰা অপমান কেতিয়াও সহ্য নকৰিৱ ৷ তুমি যিজন ৰামৰ গুন-কীৰ্ত্তন কৰা সেই ৰামৰ হাততে তোমাৰ মৃত্যু অনিবাৰ্য ৷"
গতিকে কাশীৰাজে এই ভয়তে কম্পমান হৈ এইখিনি পালেহি তাক বিবৰি কলে ৷ হনুমন্তও চিন্তিত হৈ পৰিল ৷
আনফালে খঙত ঋষিৰ ধ্যান ভ্ৰষ্ট হোৱাত বিশ্বামিত্ৰ ৰামৰ কাষ পালেগৈ আৰু কাশীৰাজক গুৰুদক্ষিনা ৰূপে শিৰচ্ছেদ কৰিৱলৈ আদেশ দিয়ে ৷
সেই সময়ত তথাপি কাশীৰাজক অভয় দান দি ৰামক ৰামবান ওভোটাই দিৱৰ বাবে মনস্ত কৰি ৰামৰ ওচৰলৈ গ'ল আৰু ৰামক লগ ধৰিলে আৰু সকলো কথা বিৱৰি কলে ৷ কিন্তু কাশীৰাজক ৰামে ক্ষমা কৰিবলৈ অমান্তি হয় ৷ গুৰুৰ আদেশ আৰু ৰঘুকুলৰ বংশই সদায় বচনত প্ৰতিজ্ঞাবদ্ধ তাক হনুমন্তক বুজাবলৈ ধৰিলে ৷ হনুমন্তয়ো নিজ মাতৃক কাশীৰাজক অভয় দিয়াৰ প্ৰতিজ্ঞা কথা কৱলৈ ধৰিলে ৷ কিন্তু ৰামে কোনো কথাত মান্তি নহ'ল ৷ কাশীৰাজকহে হনুমন্তই ৰামৰ হাতত গতাই দিবলৈ আজ্ঞা কৰিলে ৷ 
কি কৰো নকৰো কৰি হনুমন্ত কাশীৰাজৰ ওচৰলৈ উভতি আহিল আৰু সকলো কথা বিবৰি কলে ৷ তেনেতে বিভীষণ,বিশ্বামিত্ৰ,ৰাম,লক্ষ্মণ,ভৰত,শত্ৰুঘ্ন পুস্পক বিমানেৰে কাশীৰাজক বিচাৰি সেইখিনি পায়হি ৷ আৰু হনুমন্তই কাশীৰাজক ৰামৰ হাতত গতাই দিবলৈ আদেশ কৰে ৷ কিন্তু হনুমন্তই অমান্তি হোৱাত লক্ষ্মন, সুগ্ৰীৱ,বানৰ-সেনাৰ মাজত ভীষণ যুদ্ধ হয় ৷ সেই যুঁজৰ সময়তে হনুমন্তই লক্ষ্মণৰ সতে চুক্তি কৰে যে ৰামৰ আজ্ঞাও পালন হওক আৰু মই মোৰ মাতৃক দিয়া প্ৰতিশ্ৰুতিও পালন হওক ৷ গতিকে কাশীৰাজক নিবলৈ লোৱাৰ আগতে প্ৰভু ৰামে মোক বধ কৰক ৷ মইয়ো মাতৃৰ বচনৰ পৰা নিজৰ প্ৰাণ দি বচন ৰক্ষা কৰোঁ ৷ এই কথা শুনি ৰামো কিছু সময় বিচলিত হৈ পৰে ৷ কিন্তু বিশ্বামিত্ৰৰ আদেশত ৰামে বান এৰিৱলৈ বাধ্য হয় ৷ সেইদেখি হনুমন্ত আৰু কাশীৰাজ দুয়ো ৰাম নাম হৃদয়ত স্তুতি কৰিৱলৈ ধৰিলে ৷ ৰাম নামৰ প্ৰভাৱত প্ৰভু ৰামৰ প্ৰতিডাল শৰ তেওঁলোকৰ ওচৰত নত-মস্তক হৈ ৰল ৷ শেষত একাঘ্নি ৰামবানেও হনুমন্ত আৰু কাশীৰাজৰ ওচৰত হাৰমানিলে ৷ ঋষি বিশ্বামিত্ৰই ৰামক দিয়া সকলো অস্ত্ৰ-শস্ত্ৰৰ বিদ্যা ৰাম নামৰ আগত বিফল হোৱাত বিশ্বামিত্ৰও শান্ত হ'ল আৰু শেষত দোয়োকে ক্ষমা কৰি দিয়ে ৷ দেৱতা সকলো আহি তাত উপস্থিত হয় ৷ এইয়া পাৰ্বতীৰ বিশ্বামিত্ৰৰ সতে ৰাম নামৰ মহিমাৰ পৰীক্ষা লোৱাৰ কথা সকলো বিবৰি কয় ৷ সদাশিৱয়ো পাৰ্বতীক কয় তুমি যে পৰীক্ষা কৰিলা, "এতিয়া বুজিলানে এই ৰাম নামৰ মহিমা কিমান "
সেয়েহে মহাপুৰুষে ঘোষাত কৈছে…………
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন |
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কঞো ৰঙ্গে
ৰাম বুলিবেক ইটোজন ||


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)