উপশম পাবলৈ প্ৰয়োজন অনুপান
কৰিছোঁ সন্ধান ।
সকলো কাঙাল সুখৰ আকাল
দুৱাৰে দুৱাৰে ভ্ৰমি বিমুখ যাত্ৰা ।
কূটমন্ত্ৰণা উচতনি
হিংসা প্ৰতিহিংসাৰ দাৱানল
ভয় আৰু শংকা
উলংগ কৰি হাজাৰ বছৰৰ
মানৱ সভ্যতা ।
সচেতন সকলো অচেতন
শাসন আৰু শোষণৰ
চিৰস্থায়ী বাটৰ কল্পনা ।
আমি অসহায় নিমাষিত জনতা ।
এতিয়া
আকণ্ঠ পান কৰি এপিয়লা দুখ
উপশম পাবলৈ প্ৰয়োজন অনুপান
কৰিছোঁ সন্ধান ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ