ৰাজনন্দিনীৰ কৰুণতা••অনন্ত কুমাৰ ভূঞা

@admin
0
কণ্ঠ কোমল প্ৰজ্বলিত তীক্ষ্ণ নয়ন
অৱগুণ্ঠন শব্দ গুণ গুণ
কণ্ঠ ৰোধ কৰিম কেনেকৈ ?
সৌ মালভূমিত পৰি আছে
অৱহেলিত প্ৰণয়
কেনেকৈ জানিম কেনেকৈ চিনিম
প্ৰণয়ৰ নবমল্লিকাক।
নীৰৱতাৰ আন্ধাৰ কোঠালিত
শুনা পাওঁ‌ কৰুণ বিননি
নজানোঁ‌ কোন সেই ৰাজনন্দিনী
কিয় উচুপি কান্দে নিজান নিশা ?
অচিনাকি ঘাটলৈ যাব নোৱৰোঁ‌
প্ৰতি নিশা অদৃশ্য হাতেৰে সাৱতি ধৰে মোক
ঘাটৈক সুধিব নোৱৰোঁ‌
কিজানিবা স্বপ্নলেখাই গতা মাৰি দিয়ে 
নদীৰ গভীৰ বুকুলৈ।
শিলাখণ্ডৰ আন্ধাৰ গুহাত
সোমাব নোৱাৰোঁ‌
এচাতি চেঁ‌চা বতাহত গাৰ নোম শিয়ঁ‌ৰি যায় 
ভাল পাওঁ‌ বুলি কাক কম
তেওঁ‌ যে নহয় স্নিগ্ধ প্ৰেমৰ প্ৰেমিকা মোৰ ।
ধ্বংস সৃষ্টিৰ এখন মেলা পাতিব নোৱৰোঁ‌ 
সৃষ্টিশীল মন
ৰং তুলিকাৰে সজোৱা আছে ।
ময়াৱিনীৰ নিথৰ শৰীৰ
কেইবা দশক নিৰলে শুই আছে
বৰফৰ নিৰ্জন নিৰাপত্তাৰ বেষ্টনিত
সাৰ পাই থৰ লাগি চালে
ভয়ত ঠেৰেঙা লাগিব হৃদপিণ্ড মোৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)