হস্ততাঁত বা বয়ন শিল্প অসমৰ এক প্ৰাচীন কুটিৰ শিল্প। প্ৰাচীন কালৰে ই এক পৰম্পৰাগত উদ্যোগ হিচাপে পৰিগণিত হৈ আহিছে। এই বয়ন শিল্পৰ যোগেদি অসমৰ নাৰীসকল ভাৰতৰ আন আন ঠাইত পৰিচিত হৈছিল। অসম লৈ যেতিয়া মহাত্মা গান্ধী আহিছিল তেতিয়া অসমীয়া ছোৱালীৰ ফুলৰ চানেকীয়ে আকৰ্ষিত কৰিছিল। যিহেতু, গান্ধীজীয়ে বিদেশী বস্ত্ৰ ত্যাগ কৰি খাদী কাপোৰ ব্যৱহাৰ কৰিবলৈ সকলোকে কৈছিল আৰু নিজেও ব্যৱহাৰ কৰিছিল। বয়ন শিল্পৰ দ্বাৰা অসমৰ অৰ্থনৈতিক ব্যৱস্থাও উন্নত হৈছে। অসমৰ শিপিনীসকলে তাতশালত কাপোৰ বৈ নুলিওৱা হ'লে হয়তো স্বদেশী আন্দোলন সফল নহ'লহেতেন। বৰ্তমান বিশ্বায়নৰ যুগত আধুনিকতাই ছানি ধৰিলেও হস্ততাঁত শিল্পৰ চাহিদা কমা নাই। বৰঙ দিনক- দিনে ইয়াৰ গুৰুত্ব বাঢ়িহে গৈছে। শিপিনীসকলৰ মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৭ আগষ্ট দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে। হস্ততাঁত শিল্পৰ লগত জড়িত প্ৰত্যেক গৰাকী ব্যক্তিৰ বাবে ৭ আগষ্ট দিনটো এটা সন্মানীয় দিন হিচাপে পৰিগণিত হয়। ভাৰতৰ হস্ততাঁত শিল্প বৰ্তমান সময়ত প্ৰগতিশীল অৱস্থাত। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট খিনি সহায় - সহযোগিতা কৰাও পৰিলক্ষিত হৈছে। উত্তৰ- পূৰ্বাঞ্চল তথা অসম হস্ততাঁত শিল্পৰ এখন অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। ১৯৪৬ চনত চতুৰ্থ তথা শেষবাৰৰ বাবে অসমলৈ অহা মহাত্মা গান্ধীয়ে মানচেষ্টাৰ হিচাপে খ্যাত শুৱালকুচি শিপিনীসকলৰ প্ৰসংশাত পঞ্চমুখ হৈছিল। গোটেই ভাৰতৰ ভিতৰতে শিপিনী তাঁতশাল আৰু তাঁত বোৱা পৰিয়াল এই তিনিওটা ( এক তৃতীয়াংশ) অসমতে সৰ্বাধিক। ২০১৯-২০ বৰ্ষ চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত থকা শিপিনীৰ সংখ্যা হৈছে ২৬ লাখ ৭৩ হাজাৰ ৭৯১ গৰাকী আৰু শিল্পৰ সৈতে জড়িত শ্ৰমিকৰ সংখ্যা হৈছে ৮ লাখ, ৪৮ হাজাৰ ৬২১ গৰাকী । ইয়াৰ ভিতৰত অসমতে ১১ লাখ ৭ হাজাৰ ৪২৮ গৰাকী শিপিনী আৰু ১ লাখ ৭৪ হাজাৰ ৪৫৩ গৰাকী শ্ৰমিক আছে যি ভাৰতৰ আন ৰাজ্যৰ তুলনাত বহুগুণেই অধিক। অসমৰ পিছতেই বয়ন শিল্পই স্থান লাভ কৰিছে পশ্চিমবংগই য'ত ৩ লাখ ৭৪ হাজাৰ ৬৫৬ গৰাকী শিপিনী আৰু কৰ্মচাৰী সংখ্যা ২ লাখ ৬৪ হাজাৰ ৭৮১ গৰাকী য'ত অসমৰ তুলনাত ৫০% কম। অসমৰ ৯০% মহিলা হস্ততাঁত শিল্পৰ সৈতে জড়িত হৈ আছে। অসমৰ হস্ততাঁত শিল্প এৰী পাট মুগা এই কেইটা সৈতে জড়িত। এই আটাইকেইবিধ উপাদান এক বিশেষত্ব পৰম্পৰাগত পদ্ধতিৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বয়ন শিল্পৰ এক বিশেষ নাম আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ কিছু অনুষ্ঠানত অসমৰ স্বাভিমান গামোচাখন তেখেতে ডিঙিত লোৱা দৃশ্য আমি সকলোৱে দেখিবলৈ পাইছো, যিয়ে প্ৰতি গৰাকী অসমীয়াৰ বুকু গৰ্বৰে উপচি পৰে। বৰ্তমান সময়ত বয়ন শিল্প গাঁও বা কোনো এটা অঞ্চলৰ সাধাৰণ শিল্প হৈ থকা নাই। আমাৰ অসমৰ বয়ন শিল্পৰ সম্পৰ্কে জানিবলৈ হাবিয়াস কৰা কথাটোৰ পৰা অনুমান কৰিব পাৰি যে আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াৰ গুৰুত্ব কিমান।
অসমৰ আন এখন উল্লেখ্যযোগ্য জিলা চৰাইদেউ। চৰাইদেউৰ পাটসাকো গাঁও , এই গাঁও খন উন্নত মানৰ মুগা সূতা উৎপাদনৰ বাবে বিখ্যাত। প্ৰতিদিনে এই গাঁও খনত উৎপাদন হয় ৫ কিলোগ্ৰাম সোণালী সূতা। আজিৰ দিনত এই মুগা সূতা দাম ২৫ হাজাৰ টকা। গতিকে মুগা সূতা উৎপাদনে এই গাঁও খনৰ আৰ্থ- সামাজিক দিশটো টনকিয়াল কৰি তুলিছে। অসমৰ উদীয়মান ফেশ্বন ডিজাইনাৰ সকলে থলুৱা শিল্পৰে কাম কৰিব লোৱাটো অতি সৌভাগ্য কথা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ