বহু দিনেই হল, খবৰ এটা লওঁ বুলিও নোলোৱাকৈ থকাৰ
কি কৰিব.... মিছ(miss).... বৰুৱা ।
সময়ৰ হাতত যে বেয়াকৈ পৰাস্ত আমি
ঠিক কুৰুক্ষেত্ৰৰ ৰণৰ দৰে।
নিমাত হৈ সময়ে কাঢ়ি নিলে আমাৰ মৰম ,ভালপোৱা আৰু....!
.....আৰু আপোনাক মোৰ পৰা।
হাজাৰ ফোন নম্বৰৰ ভিতৰতো বিশেষ জনৰ পৰা আহিব বুলি এটা ফোন......
অপেক্ষাৰত এটা সহাঁৰি ভৰা বাৰ্তা।।
কুশলে আছে নে বাৰু?? আপুনি তথা আপোনাৰ চৌদিশ!
মই বিহীনতাই আৱৰা আজি আপোনাৰেই চৌপাশ।
সৰা পাতেও উচূপে চাগে মই নথকাৰ দুঃখত
আপুনিও ফেঁকুৰি ফেঁকুৰি কান্দিছে নেকি বাৰু
সৰা পাতৰ বিননিত।।
ৰান্ধনী বেলিটো ডুবাৰ পৰত সেউজীয়া প্ৰকৃতিক বিসন্ন মনৰে যে ৰ' লাগি চাই
আপোনাৰ ছবি খনকো মই চাওঁ ঠিক একে দৰেই।
কুশলে থাকক আপুনি মিছ... বৰুৱা
সোঁৱৰণীৰ সেওঁতাত আঁকি লব ,ঠিক মাজতেই
কৃষ্ণচূড়া বুলিয়া এটি ৰাঙলী কলি।।
উকা উদাস ফাগুনৰ দৰে প্ৰতিটো দিনেই
কি বুজিব আপুনি মিছ.... বৰুৱা
হয়টো আপোনাৰ বাবে এতিয়া বসন্তৰ আগমনী
নতুনক আদৰাৰ প্ৰস্তুতি, ন সাজে সাজি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ