শদিয়াত সংবৃত্তি তোমাৰ
হউ তাহানিৰ যুগতে
কিন্তু সমকালীন তোমাৰ স্মৃতি
এই আধুনিক যুগত।
হউ তাহানিৰ যুগতে
গাইছিলা তুমি
সংস্কৃতিৰ মুক্ত গান,
কিন্তু চোৱাচোন সুন্দৰ
তোমাৰ গান সমকালীন
জিলিকি আছে।
এতিয়াও,এতিয়াও আছে
আমাৰ মাজত ,
পিতৃ নীলকান্তৰ গীতত সুৰ দি
সমগ্ৰ অঞ্চল তুমি কৰিলা শুৱলা।
কলম্বিয়া বিশ্ব বিদ্যালয়ত
গৱেষণা কৰি
লাভ কৰিলা
ডক্টৰেট ডিগ্ৰী,
অসংখ্য বঁটা আৰু অনন্ত সন্মান।
সমস্ত সন্তানৰ স্বত্বাধিকাৰ তুমি
চিৰনমস্য ভূপেন্দ্ৰ মামা।
তুমি আমাক কিয়
কিয় এৰি গʼলা।
তোমাৰ দৰে কলাৱতী
নোলাব এই সংসাৰত
তুমি আমাৰ মহীয়ান কলাৱতী।
তোমাৰ অবিহনে আজি
অসমীয়াৰ গীত আধৰুৱা
তুমি আকৌ ঘূৰি
আহিবানে ভূপেন্দ্ৰ মামা।
যদিও তুমি আমাৰ
মাজত নাই
তুমি অসমীয়াৰ অন্তৰত
এতিয়াও চিৰস্মৰণীয়।
চিৰনমস্য ভূপেন্দ্ৰ মামা
তোমাক শতকুটি
প্ৰণামো আমি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ