নিয়ৰে আঙুলি মূৰত হিচাপ কৰি চালে..
"মাজত মাথো তিনিটা দিনহে ,পালেহিয়েই চোন" নিয়ৰে
উৎকন্ঠাৰে চিঞৰী ক'লে।
"মা, মোৰ জন্মদিনলৈ মাজত মাথোন তিনিটা দিনহে আছে,তাৰ পাছত মই দহ বছৰত ভৰি দিম " নিয়ৰে স্ফুৰ্তিৰে মাকক ক'লে।
"হয় দিয়া নিয়ৰ। পিছে....তোমাৰ জন্মদিনলৈ কাক কাক মাতিবা বাৰু?" মাকে ধেমেলীয়া সুৰেৰে নিয়ৰক ক'লে।
" মা মোৰ লগৰ যে আলফুল,জোনাক, কহুঁৱা,আৰু......" নিয়ৰে ব্যাকুলতাৰে উত্তৰ দিলে ।
" হ'ব বাৰু ! সকলোকে মাতিবা।পিছে তোমাৰ মোমায়েৰাক মাতিবা নে?" মাকে নিয়ৰৰ লগত অলপ ধেমালি কৰিলে।
"কিয় নামাতিম বা! মামাৰ অবিহনে মই জন্মদিনৰ কেক নাকাটো দেই, কৈ দিছো হ'লে"নিয়ৰে জোৰকৈ মাকক ক'লে।
নিয়ৰৰ মোমায়েকলৈ বৰ হেঁপাহ। সি গোটেই বছৰটো অপেক্ষা কৰি থাকে এই বিশেষ দিনটোলৈ। তাৰ মাক - বাপেকে তাৰ এই উৎসাহলৈ চাই প্ৰতি বছৰে সৰুকৈ হ'লেও তাৰ জন্মদিনটো পালন কৰে। নিয়ৰৰ মাকে তাক জনা বুজা হোৱাৰে পৰাই তাক "birthday "ৰ সলনিৰ "জন্মদিন" বুলিহে ক'বলৈ শিকাইছে। নিয়ৰে তাৰ জন্মদিনটোলৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ আন এটা কাৰণ হ'ল তাৰ মোমায়েকে জন্মদিনত দিয়া উপহাৰবোৰ। নিয়ৰে ছবি আঁকি আৰু মৌচাক পঢ়ি ভাল পোৱাৰ বাবে তাৰ প্ৰতিটো জন্মদিনতে মোমায়েকে তাক ৰং- তুলিকা , মৌচাক, সঁফুৰা আদিবোৰ উপহাৰ হিচাপে দি আহিছে,গতিকে নিয়ৰৰ সেই উপহাৰবোৰৰ প্ৰতি বৰ হেঁপাহ জন্মে।
অৱশেষত নিয়ৰৰ অপেক্ষাৰ অন্ত পৰিল। সি মনে বিচাৰ ধৰণে তাৰ জন্মদিনটো মা দেউতাকে আয়োজন কৰিলে।যথা সময়ত মোমায়েকো আহিল। সেইদিনা নিয়ৰৰ আনন্দৰ সীমা নাই। কেক কটা পৰ্ব শেষ হোৱাৰ পাছত আহিল উপহাৰ দিয়াৰ সময়।লগৰীয়া বোৰে তালৈ অনা উপহাৰবোৰ দিয়াৰ পাছত সময় আহিল মোমায়েকৰ। মোমায়েকে নিয়ৰৰ হাতত পাঁচটা ফুলৰ টাব আৰু এখন মৌচাক, এখন সঁফুৰা তুলি দিলে । নিয়ৰে উপহাৰবোৰ পাই মুখত আপোনা -আপুনি এটা শুভ্ৰ পোহৰ জিলিকি উঠিল। মোমায়েকে নিয়ৰক ফুলৰ টাবকেইটাত মনে ভালপোৱা ফুল ৰুবলৈ দিলে আৰু মৌচাক, সঁফুৰা আদিৰ প্ৰতি আগ্ৰহ বহাবলৈ তাক পঢ়িব লৈ ক'লে । নিয়ৰৰ মা -দেউতাক আৰু মোমায়েকে নিয়ৰৰ মুখত জিলিকি উঠা হাঁহিটো দেখি মনত এক বুজাব নোৱাৰা অনুভুতি লাভ কৰিলে.......।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ