মোৰ সপোন কোঁৱৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তোমাক কাষৰ পৰা চালোঁ 
মোৰ অন্ধকাৰময় জীৱনত 
সাতোৰঙী পোহৰ বিচাৰি পালোঁ 
ধুমুহাই থান বান কৰা জীৱনটো 
তোমাৰ পৰশতে জীপাল হ'ল 
মোৰ আলসুৱা অভিমানী হৃদয়ত 
তোমাৰ স্হান আজীৱনৰ বাবে ৰল ।
জীয়াই থকাৰ হেঁপাহ হয়তো 
তোমাৰ আগমণতেই বৃদ্ধি পালে
সপোনবোৰেও পুনৰ পোখা মেলি 
দিঠক কৰাৰ শপত খালে ,
কষ্টৰ শেষত প্ৰাপ্তি পাবলৈ 
প্ৰতিটো দিন মধুৰ কৰিবলৈ 
তোমাৰ সহাঁৰিয়ে যে মোক 
জীৱনৰ সকলোবোৰ সুখ দিলে।
সেই যে প্ৰথম মোৰ হিয়াখন 
দুৰু দুৰুকৈ কপিছিল 
আজিও একেদৰেই কপি উঠে 
তোমাৰ কথা মনতে ভাবিলে 
কাৰণ কিয় জানানে তুমি?
তুমিযে মোৰ বাবে আজিও
 মোৰ সপোন কোঁৱৰ হৈ আছা 
তোমাৰ প্ৰতি প্ৰেম আজিও 
সেই প্ৰথম দিনৰ দৰেই আছে।
নিথৰুৱা হৈ ৰোৱা হিয়াখনে 
ঠিকনা বিচাৰি পাইছিল 
তোমাৰ হৈ ৰোৱাৰ কথা দিছিল 
সেয়ে চোৱা আজিও মই 
তোমাকেই কাষত বিচাৰোঁ
তুমিযে মোৰ অভিমানী হৃদয়ৰ 
আজীৱনৰ লগৰী সপোন কোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)