২০ ডিচেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে
১৭৫৭ চনত ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ পদত অধিষ্ঠিত হয়।
২/ আজিৰ দিনটোতে ১৮৭৯ চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমপৰ্যায়ৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম্ ৰচনা কৰা হয়। গীতটোৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
৩/ আজিৰ দিনটোতে ১৮৭৯ চনত টমাছ আলভা এডিচন-এ প্ৰথমবাৰৰ বাবে বৈদ্যুতিক চাকিৰ নমুনা ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰে।
৪/ আজিৰ দিনটোতে ১৯০৯ চনত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ ভাক্কম মজিদৰ জন্ম হৈছিল।
৫/আজিৰ দিনটোতে ১৯৩৩ চনত এগৰাকী প্ৰসিদ্ধ ভাৰতীয় নৃত্য ইতিহাসবিদ, পণ্ডিত আৰু সমালোচক সুনীল কোঠাৰীৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৫৯০ চনত আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক এম্বৌৰ্জ পাৰেৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ১৯৭৩ চনত স্পেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এডমিৰেল লুইছ কাৰেৰো ব্লেঙ্কৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ