বিফল প্ৰেম-অৰ্ণৱ কটকী

©Admin
0
বুকু খন বিষাই গ'ল আকৌ !!
আপুনি দিয়া সেই পুৰণা প্ৰেমৰ বিষ মনত পৰি ।
শুকাবলৈ লোৱা ঘাঁ ডোখৰ ,
খুচৰি থাকি আপুনি কি ভাল পাই?
প্ৰেম নামৰ জ্বলা জুইকুৰাত 
পুনৰ এবাৰ নিজক জ্বলাব মন নাই ।
ঢাকি ৰাখিব খোজোঁ মই,আপোনাৰ নামৰ 
সেই বিশেষ কলিজাৰ ঘাঁ টুকুৰা।।
উমি উমি জ্বলি থকা তুহ জুইৰ দৰে 
জ্বলি জ্বলি শেষ নোহোৱা কলিজাৰ জুইকুৰা ।
মৰমৰ কিনকিনিয়া বৰষুণ ঢালি দিয়া চলেৰে 
কাষ চাপি অহাৰ পুনৰায় চেষ্টা নকৰিব আপুনি!
আৱেগৰ ঘিঁউ ঢালি  জ্বলাবলৈ কলিজাৰ জুই ।।
বুকুৰ বিষটো সহি সামৰি ল'ব পৰা হৈছোঁ মই
আপোনাৰ নামৰ এই প্ৰেমৰ বিষ ।
ৰাখি থ'ম মনৰ মাজত আজীৱন, আপোনাৰ 
প্ৰেম নামৰ নাটক খনৰ সংলাপৰ প্ৰলাপবোৰ।।
তেজে লিখা ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত 
সজীৱ কৰি ৰাখিম আপোনাৰ মোৰ স্মৃতি বিলাক।
ফুলি মৰহিল মৰম নামৰ ৰঙা গোলাপৰে কলি,
বুকু বিষ সাৱটি সযতনে আপোনাক মনত ৰাখিম।
বিফল প্ৰেমকে মোৰ প্ৰাপ্য বুলি ভাৱি।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)