কুৰুক্ষেত্ৰ! মহাভাৰত তথা বিশ্ব বিখ্যাত যুদ্ধখনেই আছিল কুৰুক্ষেত্ৰ। আজিও মত এটাই ধৰ্ম আৰু অধৰ্মৰ মাজত হৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধ। য'ত ধৰ্মৰ জয় বুলি আজিও বিশ্বাস কৰে। কিন্তু ধৰ্ম-অধৰ্মৰ বিচাৰ প্ৰজাৰো বেলেগ আৰু ৰজাৰো বেলেগ।
মহাভাৰতৰ এজন অন্যতম যোদ্ধা আছিল ভীষ্ম। যিয়ে পিতৃ শান্তনুৰ পৰা লাভ কৰিছিল ইচ্ছা মৃত্যুৰ বৰ। কিয় ৰাজকুমাৰ দেৱব্ৰত হৈ পৰিছিল পিতামহ ভীষ্ম। মহৰ্ষি পৰশুৰামৰ শিষ্য হস্তিনাপুৰৰ মহান সেনাপতি গৰাকীয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত শৰশয্যাত পৰি কিয় গণিছিল মৃত্যুৰ ক্ষণ ? কিন্তু ইচ্ছামৃত্যু ভীষ্মৰ বাবে আশীৰ্বাদ আছিল নে অভিশাপ। কিয় বিৰম্বনাৰ মাজত ভাতৃৰ লগত হোৱা ভাতৃৰ, বঙহৰ লগত হোৱা বঙহৰ মাজত হোৱা যুদ্ধ চাবলৈ ভীষ্ম জীয়াই আছিল। হস্তিনাপুৰৰ দুৰ্ভাগ্যৰ জগৰীয়া আছিল নেকি ভীষ্ম? কিয় ভীষ্মই নিজে নিজে দুৰ্ভাগ্যৰ পৰা মুক্ত হোৱা নাছিল ? কিয় ভীষ্মই নিজেই নিজৰ দুৰ্ভাগ্যৰ স্ৰষ্টা ? কিয় সাধাৰণ মাছমৰীয়া, নাওৰীয়া এগৰাকীৰ কন্যাৰ শিৰত ভীষ্মই জাপি দিছিল হস্তিনাপুৰৰ দৰে সাম্ৰাজ্যৰ ৰাজমাতাৰ কিৰীটি ? কিয় ভীষ্মই নতশিৰে মানি লৈছিল পিতৃ আৰু সত্যৱতীৰ পিতৃৰ কথা ? ৰাজতন্ত্ৰত কেতিয়াও মৌখিক প্ৰতিবাদ নচ'লে। ওৰেটো জীৱন হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সুৰক্ষা দিয়া ভীষ্মই কিয় মৌনতা অৱলম্বন কৰিছিল ? যুৱৰাজ দেৱব্ৰতে পুত্ৰধৰ্ম পালন কৰিবলৈ গৈ কৰা ভুলৰ পৰিণতি আছিল কুৰুক্ষেত্ৰ যুদ্ধ। হস্তিনাপুৰৰ প্ৰধান ৰক্ষক হিচাপে, পৰামৰ্শদাতা হিচাপে ভীষ্মই সময়ত মাত নমতাৰ পৰিণাম আছিল নেকি কুৰুক্ষেত্ৰ যুদ্ধ। যদিহে ভীষ্মই মৌনতা অৱলম্বন নকৰিলে হয়, তেন্তে হস্তিনাপুৰৰ ভাগ্যৰেখা সলনি হ'ল হয়। এনেকুৱা বহুত প্ৰশ্ন উদয় হ'ব আপোনাৰ মোৰ মনত। কিন্তু কাল্পনিক কথোপকথন হ'লেও কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি পাব কুৰুক্ষেত্ৰ নাটকৰ মাজত।
মহাভাৰতৰ ভীষ্ম, সত্যৱতী আৰু যুদ্ধৰ মাজৰ কিছু কাহিনীৰ আধাৰত ৰচিত নাট্যকাৰ-পৰিচালক ঋতুপৰ্ণ দাসৰ "কুৰুক্ষেত্ৰ" নাটক। নাটকখন মহাভাৰতৰ দুটা মহাকাব্যিক চৰিত্ৰ পিতামহ ভীষ্ম আৰু মহাৰাণী সত্যৱতীৰ কাল্পনিক কথোপকথনকলৈ ৰচনা কৰা হৈছে। ভবা হৈছে যে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া পিতামহ ভীষ্ম শৰশয্যাত পৰিল, তেতিয়া তেওঁক লগ পাবলৈ কৌৰৱ-পাণ্ডৱ সকলো ৰাতিয়েই আহে। তেওঁৰ লগত সকলোৱে মন্ত্ৰণা কৰে, তেওঁৰ পৰা পৰামৰ্শ লয়। কিন্তু যদি তেতিয়া সত্যৱতী থাকিলহেতেন ! কাৰণ মহাভাৰতৰ মতে সত্যৱতীক পুতেক ব্যাসদেৱে যুদ্ধখন আৰম্ভ হোৱাৰ আগতে হিমালয় পৰ্বতলৈ লৈ গৈছিল। আমি ভৱিছো যে সত্যৱতী যদি তেতিয়া হস্তিনাপুৰত থাকিলেহেঁতেন তেতিয়া ৰাজমাতা সত্যৱতীয়ে পিতামহ ভীষ্মৰ লগত কি কি কথা পাতিলেহেতেন। তেওঁলোকৰ মাজত কিছুমান যুক্তি তৰ্ক অনা হৈছে আৰু যুক্তিৰ তৰ্কৰ মাধ্যমেৰে প্ৰথমে নাৰী সবলীকৰণৰ দৃষ্টিকোণেৰে কথাটো বিশ্লেষণ কৰা হৈছে আৰু ভীষ্মক অন্য ৰূপত চোৱা হৈছে। সত্যৱতীৰ চিন্তাধাৰাবোৰক নতুন ধৰণেৰে বিশ্লেষন কৰাৰ প্ৰয়াস কৰি ঋতুপৰ্ণ দাসে ৰচনা কৰিছে "কুৰুক্ষেত্ৰ" নাটকখন।
ৰাজনীতি সদায় ৰজাৰ স্বাৰ্থত। ধৰ্ম আৰু অধৰ্মৰ বিচাৰ প্ৰজাৰো বেলেগ, ৰজাৰো বেলেগ। প্ৰজাৰ ৰণনীতি কেৱল ভোক নিবাৰণৰ বাবেহে। প্ৰতিটো সংলাপেই যে কিবা এটা বাৰ্তা দি গৈছে। আজিৰ প্ৰেক্ষাপটত নতুন প্ৰজন্ম বা আজিৰ সমাজে কেনেকুৱা ধৰণৰ ৰাজনীতি বা সমাজনীতি আশা কৰে, এখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজনীতি কেনেকুৱা হোৱা উচিত সেই বিষয়ত আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। নাটকখনৰ সংলাপবোৰৰ প্ৰতিটো যুক্তিয়েই ইমান গধুৰ অথচ ইমান সৰল বাক্যৰ উপস্থাপনেৰে ঋতুপৰ্ণ দাসে দক্ষ নাট্যকাৰৰ পৰিচয় দিছে। নাটকখনত অভিনয় কৰিছে তপন দাস, মলয়া গোস্বামী, অবিনাশ শৰ্মা, মনোজ শইকীয়া আৰু সত্যজিত গগৈয়ে। নাটকখনত ৰূপায়িত কৰা প্ৰতিটো চৰিত্ৰই অতি সুন্দৰ আৰু নিখুঁতভাৱে ৰূপায়ণ হোৱাত নাটকখন অতি মনোগ্ৰাহী হৈ পৰিছে। নাটকখনত ব্যৱহৃত হোৱা সংগীতৰ প্ৰয়োগে নাটকখনক আৰু বেছি আকৰ্ষণীয় কৰি তুলিছে।
আটাইতকৈ ভাল লগা কথা এইয়া যে বহু বছৰৰ পিছত এখন অসমীয়া নাটকে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে। অসমীয়া নাটক তথা ভাষা-সাহিত্যৰ বাবে ই এক ইতিবাচক খবৰ। আকাশবাণীৰ ৰাষ্ট্ৰীয় নাট প্ৰসাৰণৰ অনুষ্ঠান 'অখিল ভাৰতীয় নাট্যানুষ্ঠান'ত সম্প্ৰচাৰিত হৈছে ঋতুপৰ্ণ দাসৰ নাট 'কুৰুক্ষেত্ৰ'। যোৱা ১৭ নৱেম্বৰ নিশা ৯.৩০ বজাত দেশৰ ৫৯১ টা কেন্দ্ৰৰ পৰা অন্যান্য ২২ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰিত হৈছে নাট্যকাৰ-পৰিচালক ঋতুপৰ্ণ দাসৰ নাটক 'কুৰুক্ষেত্ৰ'। সঁচাকৈয়ে অসমীয়া নাটকৰ বাবে এইটো এটা ইতিবাচক কথা। নতুন দৃষ্টিভংগীৰে পৌৰানিক নাট "কুৰুক্ষেত্ৰ" ঋতুপৰ্ণ দাসৰ মূল্যৱান ৰচনা। ভৱিষ্যতে এই নাটখন অসমীয়া নাট্য সাহিত্যৰ এক অমূল্য সম্পদ হৈ ৰ'ব বুলি আমি আশাবাদী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ