সম্পাদকীয়•এটি আত্ম-উপলব্ধিৰ মাহ - ডিচেম্বৰ

Rinku Rajowar
0
" অহাই আহি থাকিব আৰু যোৱাই যাই থাকিব,  কিন্তু এই অহা-যোৱাৰ মাজতেই থাকি যায় কিছু স্মৃতি, যাক লৈ আকৌ সপোনৰ পোখা মেলে নতুন জীৱন বাটৰ" ।
             দিনৰ পাছত দিন,  ৰাতিৰ পাছত ৰাতি, মাহৰ পাছত মাহ আৰু ঠিক একেদৰেই বছৰৰ পাছত বছৰ।  আমি সকলোৱে কোনো এটা বস্তুৰ সমাপ্তিৰ সময়তহে তাৰ আঁৰৰ মূল্য গভীৰভাৱে অনুভৱ কৰোঁ। পোৱা- নোপোৱাৰ মাজত বহুত কিবা-কিবিয়ে থাকি যায় আমাৰ মাজত আৰু এই পোৱা- নোপোৱাৰ হিচাপৰ এটি মাহ হৈছে "ডিচেম্বৰ"। 
             ডিচেম্বৰ হৈছে এটি আত্ম - উপলদ্ধিৰ মাহ।  য'ত বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈ হোৱা প্ৰতিটো কাম-কাজ, চিন্তা- ভাৱনা আদিৰ হিচাপ-নিকাচ হয়। হয়তো থাকি যায় বহুতো হিচাপ,  তথাপিও ক'ৰবাত এই হিচাপ- নিকাচৰ মাজতেই যেন আমি অতীতক স্মৰণ কৰোঁ। বছৰটোৰ পোৱাবোৰক লৈ আনন্দ কৰোঁ আৰু নোপোৱাক পোৱাৰ আশাৰে নতুন বছৰত পৰিকল্পনা কৰোঁ। ডিচেম্বৰৰ কুঁৱলীৰ  মাজতেই আৰম্ভ হয় নতুন জীৱন। এই কুঁৱলীৰ সিপাৰতে ৰৈ থাকে এটি নতুন বছৰৰ যাত্ৰা, য'ত ডিচেম্বৰেই তাৰ সাক্ষী।
            আঘোণৰ সোণোৱালী পথাৰৰ ধাননি চপোৱাই লৈ যোৱা লখিমীহঁতৰ মুখত হাঁহি বিৰিঙাই তোলা মাহটিয়ে হৈছে ডিচেম্বৰ।  হেজাৰ কৃষকৰ মুখত এটি হাঁহি বিৰিঙি উঠে আঘোণৰ সোণগুটিবোৰ দেখি, বছৰটোৰ বছৰটোৰ বাবে কিবা অলপ সাঁচি ৰখাৰ আশাৰে শীতৰ কুৱলীৰ পাৰ ভাঙি তেওঁলোক পথাৰলৈ যায়। গাঁৱৰ সকলোৱে এসাঁজ ভালদৰে খোৱাৰ আশাৰে যেন ডেকা- ডেকেৰীসকলৰ মনত আনন্দৰ জোৱাৰ উঠে। গাঁৱৰ বোৱাৰীসকলেও তেওঁলোকৰ কামৰ বোজাৰ পৰা মূৰ দাঙিব নোৱাৰা অৱস্থাতো যেন একেলগে হাঁহি- ধেমালিৰে দিনবোৰ পাৰ কৰে আৰু এয়াই হৈছে আমাৰ চহকী অসমীয়াৰ নিভাঁজ ভালপোৱা।
            এই কামৰ ব্যস্ততাৰ পৰা অলপ মূৰ দাঙি চালেই যেন দেখা পোৱা যায় কিবা এটা সমাপ্তিৰ দিশ। এই সমাপ্তিয়ে শিকাই থৈ যায় যে সময় কাৰোবাৰ বাবে ৰৈ নাথাকে আৰু জীৱনৰ গতিপথো সময়ৰ লগে লগে সলনি হৈ যায়। ডিচেম্বৰে শিকাই থৈ যায় , জীৱন আৰু সময় দুয়ো গতিশীল। মাথোঁ দুয়ো এটি আনটিৰ ওপৰত নিৰ্ভৰশীল।  সময়ক সৎ ব্যৱহাৰ কৰিলে জীৱন সুন্দৰ হয় আৰু জীৱনক সময়ৰ লগে লগে পৰিবৰ্তন কৰিব পাৰিলে সু-দিন নিশ্চিত। এই ডিচেম্বৰ মাহটিত বছৰটোৰ বাকী এঘাৰটি মাহৰ প্ৰতিটো কাৰ্যৰ হিচাপ-নিকাচ হয় আৰু হিচাপ-নিকাচৰ মাজতেই আমি বহুত কিবা- কিবিক লৈ আত্ম-উপলব্ধি কৰোঁ।
           শেষ বুলি ক'লেই সকলো শেষ হৈ নাযায়, সকলো শেষৰ পাছত কেৱল বিষাদ নাথাকে , কিছুমান শেষৰ পাছত নতুন দিগন্তৰ উদয় হয়, নতুন চিন্তা-ধাৰাৰ সূচনা হয়, নতুন দিনৰ আগমন হয়, নতুন জীৱন আৰু নতুন যাত্ৰাৰ আৰম্ভণি হয়। এই সকলোবোৰৰ আঁৰতেই থাকে "ডিচেম্বৰ"। সচাঁই ডিচেম্বৰ মাথোঁ এটি সমাপ্তিৰ মাহ নহয়, ডিচেম্বৰে আমাক নতুনকৈ জীয়াবলৈ প্ৰেৰণা যোগায়। হয়তো তাৰবাবেই "ডিচেম্বৰ এটি আত্ম-উপলব্ধিৰ মাহ "।


✍️ সুস্মিতা দাস 
      সম্পাদক, অ.সা.চা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)