জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰোঁতে অহিংসা নীতি অৱলম্বন কৰে। মহাত্মা গান্ধীৰ এই নীতি ৰালফ্ অডো
ইমাৰ্চন থৰো আৰু টলষ্টয়ৰ আদৰ্শৰে প্ৰভাৱিত হয়। দক্ষিণ আফ্ৰিকাত পৰিচালিত নীতি আদৰ্শই ভাৰতবৰ্ষত সেই
নীতিৰে অগ্ৰসৰ হয়। মহাত্মা গান্ধীয়ে আন্দোলন কাৰী সকলক অহিংসা নীতি অনুপ্ৰাণিত কৰিবলৈ ১৯১৫ চনত গুজৰাটৰ সবৰমতীত এখন আশ্ৰম পাতি , তাতেই তেওঁৰ চিন্তা,কাৰ্য আৰু কথাত অহিংসা নীতি আখৰে আখৰে পালন কৰিছিল। এই অহিংসা নীতিয়েই ভাৰতবৰ্ষৰ প্ৰধান অস্ত্ৰ আছিল।
ইয়াৰ পিছত মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজ আঁচনি প্ৰবৰ্তন কৰে। কাৰণ গাঁৱৰ ৯৫ শতাংশ লোক গাঁৱতে বাস কৰে। ব্ৰিটিছৰ শাসনত গাওঁ বিলাক নিশকতীয়া হৈ পৰে। গাঁৱৰ পূৰ্ব গৰিমা পুনৰ উদ্ধাৰ বাবে মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজ তত্ত্ব প্ৰচাৰ কৰে। তেওঁ কুটিৰ শিল্পৰ বাবে যতঁৰৰ ওপৰত অধিক গুৰুত্ব দিছিল আৰু সূতা কটা, কাপোৰ বোৱা আদি কাৰ্য্য কৰিছিল। যঁতৰক প্ৰতীক হিচাপে মানুহৰ মাজত আৰ্হি দাঙি ধৰিছিল।
মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজ আঁচনি জৰিয়তে দেশৰ স্বৰাজ লাভ কৰিবলৈ সক্ষম হৈছিল। গ্ৰাম স্বৰাজৰ মধ্য মণি আছিল - পঞ্চায়ত। সেই বাবে তেওঁ গ্ৰাম স্বৰাজ ৰাজনৈতিক আন্দোলনত পৰিণত কৰিছিল।
অসহযোগ আন্দোলনতো মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল। অসহযোগ আন্দোলন কেইবাটাও কাৰকৰ লগত জড়িত আছিল। ১৯১৪ চনৰ যুদ্ধৰ সময়ত ব্ৰিটিছ -ভাৰত চৰকাৰে মিলি " ভাৰত ৰক্ষা আইন " প্ৰয়োগ কৰিছিল আৰু যুদ্ধ শেষ হোৱাৰ লগে লগে প্ৰত্যাহাৰ কৰা কথা কৈ ৰাওলট আইনৰ দৰে কঠোৰ আইন প্ৰয়োগ কৰিছিল বাবে দেশৰ নেতা সকল অসন্তুষ্ট হৈছিল আৰু হৰতাল আৰম্ভ কৰে। শেষত এই আন্দোলন সত্যাগ্ৰহ আন্দোলনত পৰিণত হয়।
ইয়াৰ পিছত আইন -অমান্য আন্দোলন গা কৰি উঠে। এই আন্দোলনত পণ্ডিত জৱাহৰলাল নেহৰুৱে
সভাপতিত্ব কৰে আৰু ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সুচনা হয়। এই আন্দোলন লোণ আইন ভংগ কৰা জৰিয়তে কৰা হৈছিল। দেশ স্বাধীনৰ বাবে নেতা সকলে কাৰাবাস খাটিছিল। দেশৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ লোক এই আন্দোলনত জপিয়াই পৰিছিল পূৰ্ণ স্বাধীনতাৰ বাণী দেশৰ সকলো ঠাইতে বিয়পি পৰিছিল আৰু সকলো
ঠাইতে হৰতাল , সভা-সমিতি, পিকেটিং , শোভাযাত্ৰা আদি
হ'বলৈ আৰম্ভ কৰে। দেশৰ চাৰিওফালে বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈ। পৰে ।দেশৰ স্বাধীনতাৰ বাবে হাজাৰ
হাজাৰ জন শ্বহীদ হ'ল। হাজাৰ জোৱান মৃত্যু হ'ল আৰু সেই বীৰ শ্বহীদ সকলে বুকুৰ তেজ দি পৰাধীনতাৰ শিকলি টানি আজুৰি চিঙি দেশ মাতৃক পুনৰ উদ্ধাৰ কৰিছিল ।
জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতিত্বত ১৯৪৭ চনৰ ১৫ আগস্ট তাৰিখে আমাৰ দেশ
স্বাধীন হয় । সেইবাবে এই দিনটোতে প্ৰতি বছৰে স্বাধীনতা দিৱস দেশৰ জনগণে পালন কৰি আহিছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ