নিউটন বহি আছে
আপেল জোপাৰ তলত
কিজানিবা সৰি পৰে আপেলটো
গছৰ ফল কিয় সৰে
চিৰন্তন প্ৰশ্ন ।
আপেলতো বাদেই
উৰি যোৱা চৰাইজনীয়েও বৃষ্ঠা ত্যাগ কৰা নাই
তেওঁৰ সন্মুখত ।
ক্ষন্তেকলৈ মইও নিউটন হলো
বহিৰলো শব্দ বৃক্ষৰ তলত
কিজানিবা সৰি পৰে
এটা নিতুল কবিতা
যিয়ে হ'ব পাৰে
এটা নতুন সূত্ৰ
চিৰন্তন প্ৰশ্নৰ
স্বাশ্বত উত্তৰ ।
এতিয়া এনে সময়
কবিতা টো বাদেই
শব্দ এটাও সৰি পৰা নাই
মোৰ সন্মুখত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ