চকুপানী ,হুমুনিয়াহ
হাহাকাৰ
বিচিত্ৰ ৰঙ গাত লৈ
এখিলা এখিলাকৈ বাৰ খিলা
কেলেণ্ডাৰৰ পাত সৰি পৰিল ।
বেৰৰ যি ঠাইত কেলেণ্ডাৰ খন আছিল
ঠাই খিনি ধূসৰ হ'ল ।
নতুন এখন নহালৈকে
তালৈ চিনাকি জেঠীটো নাহে ।
পুৰনি কেলেণ্ডাৰ খনৰ লগতে
সৰি পৰা দিন বোৰ
নতুন খনে ঘুৰাই নানে ।
আশাকৰোঁ নতুন কেলেণ্ডাৰ খনৰ
কোনো এখিলা পাততে যেন
নেলাগে দাগ ।
চিনাকি জেঠী টোৱে নিচিন্ত মনে জিৰণি লওক
তাত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ