পৃথিৱীৰ সকলো সম্বন্ধ
আজিকালি মই জেপত লৈ ফুৰো।
প্ৰয়োজনত
জেপৰ পৰা উলিয়াই
সম্বন্ধ স্থাপন কৰোঁ
অথবা ছেদ কৰোঁ।
নিৰ্ভয়ে কথা পাতো
পৰস্পৰে,প্ৰেমৰ কথা
অথবা বিতৃষ্ণাত গালি দিব পাৰোঁ অকথ্য ।
কাৰণ সকলো সম্বন্ধ
মোৰ জেপতে থাকে
আৰু থাকে সকলো ঠিকনা।
বিমূৰ্ত কিছুমান সংখ্যাই
প্ৰেয়সীৰ মুখৰ ছবি আঁকে ।
পৰিবৰ্তনৰ পৃথিৱীয়ে
মোৰ জেপটো গধুৰ কৰি তোলে।
আজিকালি নতুন সম্বন্ধ স্থাপন কৰাটো
তেনেই সহজ
কাৰণ
সকলোৰে জেপতে থাকে
সম্বন্ধ বোৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ