মই নিবিচৰাকৈয়ে ।
মোৰ যৌৱনৰ দুৰ্দান্ত দূপৰীয়াটো গছকি পাৰহৈ অহা বেলিটো এতিয়া
শীৰ্ণ নদী খনেদি লাহে লাহে খোজকাঢ়ি গৈ আছে।
গাত এটা ৰঙচুৱা শেঁতা পৰা চোলা।
মোলৈ তাৰ
এটা ভেঙুচালি ভৰা চাৱনি
য'ত জিলিকি উঠিল
মোৰ উঁৱলি যোৱা প্ৰেমৰ শৰীৰ ।
মোৰ সমস্ত গৌৰৱ
মোৰ সমস্ত অহংকাৰ
নিস্তেজ হ'ল
আবেলিটোৰ সতে মুখামুখি হৈ।
বতাহে কানে কানে ক'লে
সকলোৱেটো এদিন
আবেলিটোৰ সতে মুখামুখি হ'ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ