আঘোণৰ চোতালত সৌৱা
মেটমৰা সোনগুটিৰ ভাৰখন
আঘোণৰ ৰ'দত হেৰাই যোৱা
কুঁৱলীৰ বগা চাদৰ খনে বাট
ভেটি ধৰিছে, ঠিক তোমাৰ
হাঁহি টোৰ দৰেই,
দেখিলাহেতন ৰঙিলী-পমিলী
হঁতৰ আঙুলিৰে মুঠি মৰা
কেচ-কেচ,চিক-মিক খৰ-কাচিবোৰ ।
আঘোণৰ কুঁৱলীৰ বগা চাদৰৰ তলত দেখিলোঁ হেঁতেন দেউতাৰ
কান্ধৰ ভাৰখন!
সোন পথাৰত নদাই-ভদাইহঁতৰ
হালধীয়া হাঁহিবোৰৰ আঙুলিত ডাঙৰী বন্ধাৰ,দাৱনি হঁতৰ খোচনিত খনিয়া তামোলৰ
টোপোলা,খিল-খিল হাঁহি
সেউতী -মালতীহঁতৰ
আঘোণৰ পথাৰত কুৱলীয়ে
কৰিছে আমনি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ