দুৰ্ভিক্ষ দৃশ্য
পৰিচয়ৰ পত্ৰত
এটাই উক্তি ব্যক্ত
ব্যস্ততাৰে ভৰা জীৱন।
সুগন্ধি ফুলবোৰেও
আজি নিজকে লৈ মগন
অহংকাৰৰ আশ্ৰিত
ব্যৰ্থ প্ৰেমত পৰি।
বিশ্বাসক হত্যা কৰাটো
সহজ-সৰল
গঢ়ি তোলাৰ সম্পৰ্কৰ মূল্য
ব্যস্ততাৰ পৰিহাসত পাহৰি গৈছে।
সকলোৰে মুখে মুখে
ৰাস্তাৰ অলিয়ে-গলিয়ে
এটাই শিৰোনাম
“ব্যস্ততাৰে ভৰা জীৱন”।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ