কেনেকৈ যে পাৰ হৈ গ'ল,
সৌ সিদিনা আৰম্ভণি হৈছিলহে
আৰু আজি শেষ হ'বলৈ
মাথোঁ কেইটামান দিন
সময় সঁচাকৈয়ে গতিশীল
ৰৈ নাথাকে কাৰো বাবে ,
কাৰোবাৰ বাবে সময়ে
অপেক্ষাও কৰিব নাজানে।
সময় গৈ থাকে নিজৰ গতিত
আমিবোৰহে কেতিয়াবা ৰৈ যাওঁ
বিভিন্ন কাৰণত আৰু অজুহাতত,
জীৱনৰ হিচাপৰ টোকা বহীত
পোৱা নোপোৱাৰ হিচাপ চাগে
এগালমান লিপিবদ্ধ কৰা হ'ল
এবাৰ খুচৰিলে হয়তো ওলাব
কিছু সুখৰ মূহুৰ্তৰ বাবে
আৰু কিছু দুখৰ বাবে
টোকা বহীয়ে সম্পূৰ্ণতা পালে।
কথাবোৰ ভাবিলে কেতিয়াবা
আচৰিত লাগে নহয়নে বাৰু?
কেতিয়াবা আকৌ অকণমান
সময় নিজৰ বাবে উলিয়ায়
নিজৰ কথা এবাৰ ভাবিবলৈ
প্ৰায়ে আমি পাহৰি যাওঁ
নিজতকৈ বেছি আনক গুৰুত্ব দি
নিজকে হেৰুৱাই পেলাও
আৰু শেষত নোপোৱাৰ
হাজাৰটা অভিযোগ দিওঁ।
কোনোবা হেৰাই গ'ল
আন কোনোবা আপোন হ'ল,
এনেকুৱাই নহয় জানো কথাবোৰ
কি নাপালোঁ সেইটো কথা
গুৰুত্ব দিয়াতকৈ কি পালোঁ
তাতে সন্তুষ্ট থাকিব পৰাটোহে
আটাইতকৈ প্ৰয়োজনীয় কথা
জীৱনে বহুত কিবাকিবি দিব
বহু কথা জীৱনেই শিকাব
পথ প্ৰদৰ্শকৰ দৰে জীৱনে
কেতিয়াবা বাট দেখুৱাব
আৰু কেতিয়াবা আগভেটা দিব
তথাপি আগুৱাই যাব লাগিব।
কষ্টেৰে এজন সফল যুঁজাৰু হৈ
জীৱন ৰণত জয়ী হোৱাৰ সপোন লৈ
নিজ মনোবলেৰে আগুৱাই,
ধৈৰ্য আৰু নিষ্ঠাৰে জীৱনৰ
প্ৰতিটো কাইটিয়া বাট
সেন্দুৰীয়া কৰিব লাগিব
উচ্চ শিখৰত আৰোহণ কৰি
বাধাবোৰ হাতৰ মুঠিত ধৰি ।
প্ৰতি বছৰৰ দৰেই সময়ে
নতুন নতুন শিক্ষা দিব জীৱনৰ
এয়াই সময় পৰিবৰ্তনৰ কিছু
বাস্তৱিক ছবি
বাস্তৱ কাহিনী জীৱনৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ