ৱেটিং ফৰ এ ভিচা | মূল: বি আৰ আম্বেদকাৰ (ইংৰাজী)অনুবাদ: পঙ্কজ ৰবিদাস

©Admin
0
(এখন পাৰপত্ৰৰ অপেক্ষাত) ‌‌‌‌‌‌ ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰ দেৱে নিজৰ কৰুণ ইতিহাস সুঁৱৰি "ৱেটিং ফৰ এ ভিচা" নামৰ এখন গ্ৰন্থ ইংৰাজী ভাষাত লিখিছিল । গ্ৰন্থ খনত শৈশৱত তেওঁ নিজে সন্মুখীন হোৱা অনাহক দুখ-দুৰ্গতি সমূহ মনত সোৱঁৰণ কৰি প্ৰকাশ কৰিছিল। তাৰে প্ৰথমটো কৰুণ ঘটনাৰ অনুবাদ কৰা হৈছে।_____আমাৰ পৰিয়ালটো পূৰ্বৰ বম্বে প্ৰেচিডেন্সি বৰ্তমান মহাৰাষ্ট্ৰ ৰাজ্যৰ ডাপলি অঞ্চলৰ এখন গাঁৱত প্ৰথমে বসবাস কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ প্ৰাৰম্ভিক কালতেই মোৰ উপৰিপুৰুষে বংশানুক্ৰমে কৰি অহা লোকচক্ষুত নিম্ন মৰ্যদা সম্পন্ন বৃত্তি এৰি কোম্পানীৰ সৈন্য বাহিনীত মকৰল হৈছিল। মোৰ পিতৃদেৱেও এই পৰম্পৰা ৰক্ষা কৰি সৈন্য বিভাগৰ চাকৰিত যোগদান কৰি ক্ৰমে পদোন্নতি লাভ কৰি অৱসৰৰ মূহুৰ্তত চুবেদাৰ পৰ্যন্ত হৈছিল। অৱসৰৰ পাছত পিতৃদেৱে পৰিয়ালটো ডাপলিত স্হায়ীভাবে বসবাস কৰিবলৈ লৈ গৈছিল। কিন্তু কিছু কাৰণত অৱশেষত সেই সিদ্ধান্ত সলনি কৰিছিল। আমাৰ পৰিয়ালটো ডাপলিৰ ভুখণ্ড এৰি পুণৰ চাটাৰা অভিমুখে যাত্ৰা কৰিলে। সেই স্থানত আমি ১৯০৪ চনলৈ বসবাস কৰিছিলো। আমি চাটাৰাত থকা অৱস্থাত ১৯০১ চনত ঘটা এটা ঘটনা (স্মৃতিয়ে ঘটনাটো যিমান দূৰ ঢুকি পায়) লিখিবলৈ লৈছো। মোৰ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছিল। মোৰ পিতৃ চাটাৰা জিলাৰ খাটব তালুকাৰ গুৰগাওঁত গাণনিক হিচাপে আছিল। সেই স্থানত বম্বে প্ৰেচিডেন্সিৰ প্ৰশাসনে এটা টেংক খনন কৰিবলৈ আৰম্ভ কৰিছিল। তাত দুৰ্ভিক্ষ আৰু যুদ্ধ ক্ষেত্ৰত আঘাত প্ৰাপ্তসকলক নিয়োগৰ উদ্যেশ্যে খনন কৰা হৈছিল, কাৰণ অভাৱত পৰি হাজাৰ হিচাপে সেইবিলাক লোক মৃত্যু মুখত পৰিছিল। আমাৰ দেউতাই গুড়গাওঁলৈ যোৱাৰ সময়ত মোৰ সৈতে জেষ্ঠ ভাতৃ আৰু দুজন ভাগীন অৰ্থাৎ প্ৰয়াত জেষ্ঠ ভগ্নীৰ দুজন পুত্ৰক আমাৰ পেহীদেউৰ উপৰিও ওচৰ চুবুৰীয়া সকলৰ তত্বাৱধানত এৰি থৈ গৈছিল। আমাৰ পেহী অত্যন্ত দয়ালু আছিল যদিও আমি পেহীৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাছিলোঁ। কাৰণ পেহী কিছু পৰিমাণে বাওনা আৰু খোজ কঢ়াত কিছু সমস্যা আছিল। অৰ্থাৎ এক কথাত কবলৈ গলে পেহী একপ্ৰকাৰ দিব্যাংগ আছিল। সেয়ে পেহীয়ে আনৰ সহায় নোলোৱাকৈ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বৰ কঠিন হৈছিল। প্ৰায়েই পেহীক কোলাত ডাঙি নিয়া হৈছিল। মোৰ দুগৰাকী বাইদেউ বিয়া হৈ যোৱাত তেওঁলোক পৰিয়ালৰ সৈতেই বসবাস কৰি আছিল বাবে আমাৰ আহাৰ ৰন্ধা বঢ়াৰ কামটো বৰ সমস্যাদায়ক হৈ উঠিছিল। আমাৰ পেহীদেউ নিজে অসহায়জনক হৈ থকাত আমাৰ ৰন্ধা বঢ়াৰ সমস্যাটো সমাধান কৰিবলৈ অপাৰগ হৈছিল।আমি চাৰি ভাতৃয়ে নিজে ৰন্ধা বঢ়া কৰি বিদ্যালয়লৈ গৈছিলো। আমি ৰুতি বনোৱাত অনভিজ্ঞ আছিলো বাবে আহাৰৰ ভিতৰত অকল পুলাওকে বনাই সেয়াকে খাইছিলো। আহাৰৰ ভিতৰত পুলাও প্ৰস্তুত কৰাটোৱেই আমি সহজ পাইছিলো কাৰণ পুলাওৰ বাবে অকল চাউল আৰু ছাগলী মাংস মিহলি কৰি দিলেই হৈছিল।                                           

         গাণনিক হিচাপে কৰ্মৰত হোৱা বাবে আমাৰ দেউতাই কৰ্মস্থলী এৰি আমাক চাবলৈ চাটাৰলৈ আহিব পৰা নাছিল। সেয়ে তেওঁ গৰম বন্ধৰ সময়ছোৱাত তেওঁৰ সৈতে পাৰ কৰিবলৈ গুৰগাওঁ আহিবলৈ তেওঁ চিঠি লিখিছিল। চিঠিখন পাই আমি আবেগিক আৰু শিহৰিত হৈছিলো। আমাৰ প্ৰস্তাবিত ভ্ৰমণৰ বাবে আমাক বাট দেখুৱাই দিয়া বা ৰেলত উঠাই দিবলৈ সেই সময়ত বাহিৰৰ পৃথিৱীৰ আওভাও নোপোৱা আমাৰ ল'ৰামখাৰ কোনো এজন অভিভাৱক নাছিল। অৰ্থাৎ আমাক ভ্ৰমণ সম্পৰ্কে দিকনিৰ্দেশনা দিবলৈ কোনো জনা শুনা জেষ্ঠ লোক নাছিল। যি কি নহওঁক, আমাৰ ভ্ৰমণৰ বাবে ঘৰখনত ব্যাপক আয়োজন হ'ল। দেউতাৰ ওচৰত যাবলৈ ওলহ মালহৰে ধুম-ধামেৰে প্ৰস্তুতি তুংগত উঠিল। সেই উদ্দেশ্যে পোছাকী কামিজ, বিলাতি টুপী, নতুন জোতা, নতুন চিল্ক বৰ্ডাৰৰ ঢুটী অনা হ'ল। আমাৰ ভ্ৰমণৰ বাবে যাবতীয় বৰ্ণনা দেউতাই চিঠিত লিখিছিল। আমি যাবলগীয়া দিনটোৰ তাৰিখ চিঠিত জনাবলৈ কৈছিল যাতে তেওঁ আমাক আনিবলৈ ৰেল আস্হানলৈ সেইদিনটোত আহিব পাৰে অথবা তেওঁৰ পিয়নজনক পথাব পাৰে।কাৰণ তেতিয়া কোনো অসুবিধা নোহোৱাকৈ আমি দেউতাৰ ওচৰত আহি পামহি। মোৰ সৈতে জেষ্ঠ ভাতৃ আৰু বাইদেউৰ ল'ৰা অৰ্থাৎ ভাগিনসহ আমি দেউতাই চিঠিত লিখি পঠোৱাৰ দৰে চাটাৰা এৰি গুৰগাওঁ অভিমুখে যাত্ৰা আৰম্ভ কৰিলো। আমাৰ দিব্যাংগ পেহীগৰাকীক ওচৰ চুবুৰীয়াৰ তত্বাৱধানত তাতে এৰি আহিলো। কাৰণ কাষৰ মানুহ কেইঘৰে আমাৰ পেহীক প্ৰতিপালন কৰাৰ দায়িত্ব লৈছিল। আমাৰ গাওঁৰ পৰা ৰেল আস্হানলৈ দূৰত্ব আছিল ১০ মাইল আৰু সেয়ে ৰেল আস্হান যাবলৈ এখন টংগা গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। টংগা হ'ল এটা ঘোঁৰাই টনা গাড়ী। আমি সকলোৱে উৎসৱত পিন্ধাৰ দৰেই নতুন সাজ-পাৰ পৰিধান কৰিছিলো। আমি নেদেখা দেখা চাবলৈ ভ্ৰমণৰ আনন্দত বিমোৰ হৈ আছিলো। কিন্তু আমাৰ পেহীজনীয়ে আমাৰ সংগৰ পৰা কিছুদিন আতঁৰত থাকিবলগীয়া হ'ব বাবে শোকত ম্ৰিয়মান হৈ প্ৰায় দীঘল দি পৰি খান্দিবলৈ ধৰিছিল। ষ্টেচন পোৱাৰ পিছত মোৰ জেষ্ঠ ভাতৃয়ে ৰেলৰ টিকট ক্ৰয় কৰি মোক আৰু ভাগিন দুটাক অৰ্থাৎ বাইদেউৰ ল'ৰা দুটাক দুই অন্নাকৈ জেপখৰচ হিচাপে দিলে। আমি ভ্ৰমণৰ বাবে আনন্দতে ৰেলত উঠি একোটাকৈ শীতল পানীয় ক্ৰয় কৰিলো। আমাক গুৰগাওঁৰ নিকটতম ৰেল আস্হান মচুৰিত নামিবলৈ কোৱা হৈছিল। ৰেলখন মচুৰি ৰেল আস্থান গধূলি ৫বজাত আহি পোৱাত আমি বস্তু-বাহিনী লৈ ৰেলৰ পৰা নামিলো। কিছু পৰৰ পিছত ৰেলৰ পৰা নমা যাত্ৰীসকল নিজ নিজ গন্তব্যস্থললৈ গমন কৰিলে। ৰেল আস্হানত আমি ভাবো ৪জন ল'ৰাহে আমাৰ দেউতা বা তেওঁৰ পিয়নজনৰ বাবে অপেক্ষা কৰি থাকিলো। কাৰণ দেউতা নিজে অহাৰ কথা নতুবা দেউতাৰ অধীনৰ কোনোবা কৰ্মচাৰীক আমাক নিবলৈ ৰেল আস্হানলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল। বহু সময় ধৰি আমি অপেক্ষা কৰিলো যদিও আমাক নিবলৈ কোনো নাহিল। আমি এনেদৰেই ১ঘন্টা অতিক্ৰম কৰাৰ পিছত ষ্টেচন মাষ্টৰে সোধ-পোচ কৰিবলৈ আমাৰ ওচৰলৈ আহিল। তেওঁ আমাৰ ওচৰলৈ আহি টিকট পৰীক্ষা কৰিলে। আমি আমাৰ টিকট দেখোৱালত আমি ষ্টেচনত লৈ থকাৰ কাৰণ জানিব বিচাৰিছিল। আমি উত্তৰত ষ্টেচন মাষ্টৰক জনালো যে আমাৰ গন্তব্যস্থান হ'ল গুৰগাওঁ আৰু আমি তাত আমাৰ দেউতা বা তেওঁৰ পিয়নজনৰ বাবে অপেক্ষা কৰি আছো। 
       
         আমি ষ্টেচনত অপেক্ষা কৰি আছিলো কাৰণ আমাক নিবলৈ দেউতা নতুবা তেওঁৰ পিয়নজন ষ্টেচনলৈ অহা কথা আছিল। কিন্তু কোনো এজনো আমাক নিবলৈ নাহিল। আনহাতে গুৰগাওঁ যাবলৈ আমাৰ কোনো ধাৰণা নাই। অৰ্থাৎ গুৰগাওঁ কোনফালে আৰু কেনেদৰে যাব পাৰি, আমি অৱগত নহয়। (উল্লেখযোগ্য যে সেই সময়ত আজিৰ দৰে ফোনৰ সুবিধা নাছিল।) আমি সকলো সম্ভ্ৰান্ত পোছাকত আছিলো। আমাৰ সাজপাৰ আৰু আচৰণৰ পৰা কোনেও আমাক অস্পৃশ্য শ্ৰেণীৰ অৰ্থাৎ মাহাৰ জাতিৰ লোক বুলি ধাৰণা কৰিব পৰা নাছিল। আনকি ষ্টেচন মাষ্টৰেও আমাক ব্ৰাহ্মণ বা উচ্চ জাতিৰ বুলিয়েই ধাৰণা কৰি লৈছিল। সচৰাচৰ আন হিন্দু ধৰ্মাৱলম্বী লোকে কোৱাৰ দৰে ষ্টেচন মাষ্টৰেও আমাক কোন বুলি প্ৰশ্ন কৰে। আমি এক মূহুৰ্তও বিলম্ব নকৰি তাৎক্ষণিকভাৱে উত্তৰ দিলো, "আমি মাহাৰ।" সেই সময়ত আনকি আজিৰ তাৰিখতো বম্বে প্ৰেচিডেন্সিত মাহাৰ সম্প্ৰদায় অস্পৃশ্য শ্ৰেণী বুলি গণ্য কৰা হৈছিল। অৰ্থাৎ হিন্দুধৰ্মৰ বৰ্ণ ব্যৱস্থা মতে মাহাৰকে ধৰি একাংশ জাতি- উপজাতিক নীচ বুলি গণ্য কৰা হয়। আমাৰ কথা শুনি অৰ্থাৎ ভাৰতীয় সমাজ ব্যৱস্থা মতে আমাৰ বৰ্ণ পৰিচয় পাই ষ্টেচন মাষ্টৰজন স্তম্ভিত হৈ পৰিল আৰু তেওঁৰ মুখখনত এক বিৰক্তিৰ ভাৱ প্ৰস্ফুটিত হ'ল। আমাক মাহাৰ বুলি জানিব পাৰি ষ্টেচন মাষ্টৰৰ আচৰণত পৰিবৰ্তন হৈ এক কঠোৰ ভাৱ-ভংগী হঠাতে প্ৰতিফলিত হ'ল আৰু আমাক তাতে এৰি কাৰ্যালয়লৈ প্ৰস্থান কৰিলে। ১৫/২০ মিনিট এনেদৰে অতিবাহিত হোৱাৰ পিছত বেলি ডুবাৰ উপক্ৰম হ'ল আৰু আন্ধাৰ নামি আহিল যদিও আমাক নিবলৈ কোনো নাহিল। আনকি ষ্টেচন মাষ্টৰেও আমাক এৰি আঁতৰি গ'ল। আমি বিবুদ্ধিত পৰি কিংকৰ্তব্য বিমোৰ হৈ পৰিলো। যাত্ৰাৰ আৰম্ভণিতে থকা আমাৰ আনন্দ উল্লাসবোৰ ক্ৰমান্বয়ে চৰম হতাশা আৰু বেদনালৈ ৰূপান্তৰিত হৈছিল। আধা ঘন্টামানৰ পিছত ষ্টেচন মাষ্টৰজন পুনৰ ঘুৰি আহি আমাৰ আগন্তুক পৰিকল্পনাৰ সম্পৰ্কে সুধিলে। আমি উত্তৰত কলো, "গৰুগাড়ী এখন ভাড়ালৈ পালে আমি সেইখনৰে গুৰগাওঁলৈ যাব পাৰিম। গুৰগাওঁলৈ ইয়াৰ পৰা বেছি দূৰত্ব নহ'লে আমি এতিয়াই আমাৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো।" ষ্টেচনত বহুকেইখন গৰুগাড়ী ভাড়াত যাবলৈ ৰখাই থোৱা আছিল। কিন্তু ষ্টেচন মাষ্টৰজনক আমি দিয়া আমাৰ পৰিচয় গৰুগাড়ী চালকসকলৰ কানটো পৰাত আমাক নিম্ন বৰ্ণৰ বুলি জানি তেওঁ লোকে নিজৰ গৰুগাড়ী ভাড়ালৈ দিবলৈ প্ৰস্তুত নাছিল। আমি ভাড়া দুগুণ দিম বুলি কোৱাতো তেওঁ লোকে আমাক ভাড়াত নিবলৈ সন্মত হোৱা নাছিল। বৰ্ণ বাদৰ গোড়ামীৰ বাবে আমাৰ পইচাই কাম দিয়া নাছিল। ষ্টেচন মাষ্টৰেও এই প্ৰসংগত মৌনতা অৱলম্বন কৰাত আমি নিৰুপায় হৈছিলো। এনেতে ষ্টেচন মাষ্টৰে এক উপায় চিন্তি ক'লে, " তোমালোকে গৰুগাড়ীখন চলাব পাৰিবা নেকি?" আমাৰ সমস্যাটোৰ এক সমাধান সূত্ৰ ওলাইছে বুলি ভাবি মই চিঞৰি ক'লো, "হয়, আমি পাৰিম।" আমাৰ উত্তৰ শুনি ষ্টেচন মাষ্টৰ গৰুগাড়ী চালকসকলৰ ওচৰলৈ গৈ ক'লে যে আমি গৰুগাড়ীৰ ভাড়া দুগুণ দিয়াৰ উপৰিও গৰুগাড়ী আমি নিজে চলাই যাম আৰু গাঢ়োৱাল (Cartman) গৰুগাড়ীৰ লগে লগে খোজ কাঢ়ি যাব। এজন গৰুগাড়ীৰ চালক আমাৰ প্ৰস্তাৱটোত সন্মত হ'ল। তেওঁৰ উপাৰ্জন দুগুণ হোৱাৰ লগতে তেওঁ খোজ কাঢ়ি গ'লে অস্পৃশ্যতাৰ প্ৰসংগটোৰো প্ৰশ্ন নাথাকিব বুলি ভাবি তেওঁ না নকৰিলে।                                                 

        আমি গৰুগাড়ীৰে যাত্ৰাৰ সময়ত সন্ধিয়া প্ৰায় ০৬:৩০ হৈছিল। আমি গুৰগাওঁ আন্ধাৰ হোৱাৰ আগতে পায় বুলি নিশ্চিত নোহোৱালৈকে আমি ষ্টেচন এৰি যাব বিচৰা নাছিলো। সেয়ে আমি গাড়োৱালজনৰ পৰা গুৰগাওঁলৈ দূৰত্ব আৰু গুৰগাওঁ পাবলৈ লগা সময়ৰ বিষয়ে জানিব বিচাৰিছিলো। গাড়োৱালজনে আমাক ৩ ঘন্টাতকৈ অধিক সময় নালাগিব বুলি জনাইছিল। গাড়োৱালজনৰ কথা বিশ্বাস কৰি আমি গৰুগাড়ীত বস্তু-বাহানিখিনি উঠাই ষ্টেচন মাষ্টৰক ধন্যবাদ জ্ঞাপন কৰি গৰুগাড়ীত উঠিছিলো। বলদ গৰুহালৰ লেকামডাল আমাৰ এজনে ধৰিছিল আৰু গৰুগাড়ী খনৰ লগে লগে খোজেৰে গাঢ়োৱালজন গৈছিল। ষ্টেচনৰ কিছু দূৰত্বত এখন নৈ বৈ গৈছিল। কিন্তু নদীখন প্ৰায় শুকাই গৈছিল যদিও নদীৰ দলঙৰ ওচৰৰ দুই-এক সৰু গাঁতত পানী দেখা গৈছিল। গৰুগাড়ী খনৰ মালিকে আমাক তাতে অলপ বিশ্ৰাম লৈ আহাৰ খাবলৈ পৰামৰ্শ দিছিল। কাৰণ বাটত পানী পোৱাৰ সম্ভাৱনা নাই। আমি সন্মত হোৱাত গাঢ়োৱালজনে নিজৰ খাদ্যৰ বাবে আহাৰ কিনি আনিবলৈ গাওঁলৈ যাব বিচাৰি আহাৰৰ মূল্যৰ বাবে গৰুগাড়ী ভাড়ালৈ আগধন বিচাৰিলে। মোৰ দাদাই তেওঁক আগধন হিচাপে কিছু ধন দিলে আৰু গাঢ়োৱালজন অতি সোনকালেই অহাৰ প্ৰতিশ্ৰুতি দিলে। আমাৰো বৰ ভোক লাগিছিল আৰু সেয়ে কিবা এটা খাবলৈ সুবিধা পাম বুলি ভাবি আনন্দিত হৈছিলো। আমাৰ পেহীয়ে আমাৰ চুবুৰীৰ মহিলা সকলক কৈ মেলি আমাৰ ভ্ৰমণকালত খাবলৈ কিছু সুস্বাদু ব্যঞ্জনৰ যোগাৰ কৰি আমাক দিছিল। আমি আমাৰ টিফিন বাতিটো খুলি খাবলৈ আৰম্ভ কৰিলো। আমাক ধোৱা-মেলা কৰিবলৈ পানীৰ প্ৰয়োজন হৈছিল। আমাৰ এজন সেয়ে পানী আনিবলৈ বুলি ওচৰৰ নদীখনলৈ গ'ল। কিন্তু পানী বুলি ভবাখিনি দৰাচলতে পানী নাছিল। সেয়া প্ৰকৃততে গৰু-ম'হৰ গোবৰ আৰু প্ৰস্ৰাৱৰ সংমিশ্ৰণত হোৱা ঘোলা বোকাপানীহে আছিল। গৰু-ম'হ তাতে নামি পানী খাইছিল আৰু সেই পানীখিনি মানুহে খোৱাৰ অনুপযোগী আছিল।গেলা পানীখিনিৰ দূৰ্গন্ধ ইমানেই তীব্ৰ আছিল যে পীয়াহত আমাৰ অন্ঠ-কণ্ঠ শুকাই গলেও সেই পানী আমি খাব পৰা নাছিলো। সেয়ে পানীৰ অভাৱত লগত আমাৰ খোৱা বস্তু থকা স্বত্বেও পেটত নিগনি দৌৰিলেও আমি খাব পৰা নাছিলো।ভোকত আমি সামান্য খাদ্য গ্ৰহণ কৰিছিলো যদিও হেঁপাহ পলুৱাৰ আগতেই পানীৰ অভাৱত আধাখোৱা কৰি সামৰি আমি সকলোৱে গাঢ়োৱালজনলৈ অপেক্ষা কৰি আছিলো। গাঢ়োৱালজন বহু সময় ধৰি উভতি নহাত আমি উপায়হীন হৈ তেওঁক যিমান দূৰ সম্ভৱ ইফালে সিফালে চৌদিশে বিচাৰি ফুৰিছিলো। অৱশেষত তেওঁ আহি পালত আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিছিলোঁ। আমি গৰুগাড়ীত উঠি আৰু গৰুগাড়ীৰ লগে লগে গাড়োৱালজন প্ৰায় ৪/৫ মাইল মান অতিক্ৰম কৰিলো। তাৰ পাছত হঠাতে গাড়োৱালজন জাপ মাৰি গাড়ীখনত উঠি গৰুগাড়ীৰ লেগামডাল আমাৰ হাতৰ পৰা ললে। আমাৰ বাবে ঘটনাটো আশ্চৰ্যকৰ আৰু চিন্তাজনক আছিল। কাৰণ তেওঁ বৰ্ণবিভেদৰ বীজ মগজুত ৰোপন কৰি আমাক নিম্ন বৰ্ণৰ জ্ঞান কৰি গৰুগাড়ী ভাড়ালৈও নিবলৈ বিচৰা নাছিল। শেষত দুগুণ ভাড়া দিবলৈ ৰাজি হোৱাৰ পিছতো অস্পৃশ্যতাৰ কথা ভাবি অৰ্থাৎ একেখন গাড়ীতে একেলগে যাত্ৰা কৰিলে চোৱা ৰাখিব বুলি ভাবি খোজ কাঢ়িহে গাড়ীখনৰ লগত গৈছিল। সেয়ে এই কাণ্ড-কাৰখানা দেখি চিন্তিত হৈছিল যদিও সেই প্ৰসংগত গাড়োৱালজনক কিবা শুনিবলৈ তেওঁ লোকে ভয় কৰিছিল। আমি আমাৰ গন্তব্যস্থান যিমান পাৰি সোনকালে পাবলৈ ব্যগ্ৰ হৈ আছিলো আৰু সেয়ে আমি মাত্ৰ গৰুগাড়ী খনৰ গতিৰ ওপৰতহে মনোনিবেশ কৰিছিলো। কিন্তু ইতিমধ্যে চৌদিশে অন্ধকাৰ আৱৰি ধৰিলে। তাত অন্ধকাৰ নাশিবলৈ পথত কোনোধৰণৰ লেম্পপ'ষ্ট নাছিল। ৰাষ্টাত কোনো নৰমনিশৰ ওমঘাম পোৱা নাছিলো। ৰাষ্টাৰ দাঁতিতো মানুহৰ ঘৰ চকুত পৰা নাছিল।সেয়ে নিৰ্জন পথত অন্ধকাৰত ভয়ভীত হৈ আতংকিত হৈছিলো। আমি পাৰ্য মানে সাহ কৰি নিজেই নিজকে অভয়দান কৰিছিলো। আমি মচুৰৰ (মহীশূৰ) পৰা যথেষ্ট দূৰ যাত্ৰা কৰিলো আৰু এয়া ৩ ঘন্টাতকৈও অধিক হ'ব যদিও গুৰগাওঁৰ কোনো চিন-মোকাম নেদেখি আমাৰ মনত অচিন চিন্তাই বাহ ললে। আমাৰ মনত সন্দেহ ওপজিল যে গাড়োৱালজনে ইচ্ছাকৃতভাৱে নিৰ্জন প্ৰান্তত আনি আমাক হত্যা কৰিবলৈ পাং পাতিলে। আমি সোনৰ গহনা পৰিধান কৰি থকাৰ বাবে "হৰিনৰ নিজৰ মঙহেই কাল" হোৱাৰ দৰে ধাৰণাই আমাৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰিবলৈ ধৰিলে। আমি গাড়োৱালজনক প্ৰশ্ন কৰিলো যে গুৰগাওঁলৈ কিমান দূৰ আছে আৰু আমি গন্তব্যস্থল পাবলৈ কিয় পলম হৈছে? উত্তৰত তেওঁ ক'লে, "বেছি বাট নাই, অতি সোনকালেই আমি আমাৰ গন্তব্যস্থান পাম।" তেতিয়া ৰাতি ১০ বাজিছিল যদিও গুৰগাওঁৰ কোনো চিন দেখা নাপাই আমি নাবালক ল'ৰা কেইটাই কান্দিবলৈ ধৰি গাড়োৱালজনক গালি-গালাজ কৰিছিলো। আমাৰ কান্দোন আৰু বিলাপ দীৰ্ঘ সময় ধৰি চলি আছিল যদিও গাড়োৱালজনে কোনো উত্তৰ দিয়া নাছিল। অৰ্থাৎ আমাৰ কান্দোন অৰণ্যৰোদনত পৰিণত হৈছিল। এনেতে কিছু আঁতৰত এটা চাকি জ্বলি থকা দেখা পালো। গাড়োৱালজনে ক'লে, "তোমালোকে সৌ জ্বলি থকা চাকিটো দেখা পাইছানে? সেইটো ট'ল সংগ্ৰহকাৰীৰ চাকি। আমি নিশাটো তাতেই জিৰণি লম।" কথাটো শুনি অলপ প্ৰাপ্তিৰ নিশ্বাস পেলাই আমাৰ কন্দা-কতা বন্ধ কৰিলো। আমি মন কৰিলো যে পোহৰৰ উৎসটো যথেষ্ট দূৰত আছিল আৰু সেই ট'ল সংগ্ৰহকাৰীৰ জুপুৰি পাবলৈ প্ৰায় ২ঘন্টামান লাগিব। সময়ৰ লগে লগে আমাৰ ব্যগ্ৰতা বাঢ়ি গাড়োৱালজনক আমাৰ মনত উদিত প্ৰশ্নসমূহ কৰি গৈছিলো। আমি গাড়োৱালজনক সুধিছিলো যে আমি যদি সঠিক পথেৰেই আহিছো, তেনে আমাৰ গন্তব্যস্থান পোৱাত ইমান পলম হৈছে কিয়? ‌‌‌‌‌‌‌‌ অৱশেষত মধ্য ৰাতি আমাৰ গৰুগাড়ী খন ট'ল গেটৰ ওচৰ পালেহি। ট'ল সংগ্ৰহকাৰীৰ জুপুৰিটো পাহাৰৰ তলত অৱস্থিত আছিল আৰু আনফালে পাহাৰখন আছিল। আমি তাত পাওঁতে বহুকেইখন গৰুগাড়ী ৰাতিটোৰ বাবে জিৰণি ল'বলৈ সেই স্থানত ৰখাই থোৱা দেখিছিলো। আমাৰ যথেষ্ট ভোক লাগিছিল আৰু কিবা খাবলৈ ব্যগ্ৰ হৈ আছিলো। কিন্তু কিবা খাবলৈ পানীৰ অভাৱত আছিলো। সেয়ে আমি গৰুগাড়ীৰ চালক জনক পানীৰ উৎসৰ বিষয়ে সুধিছিলো। তেওঁ আমাক সকিয়াই দিছিল যে কৰ সংগ্ৰহকাৰীজন এজন হিন্দু আৰু সেয়ে আমি আমাৰ বৰ্ণ পৰিচয় হিচাপে মাহাৰ বুলি সঁচা কথা ক'লে পানী পোৱাৰ সম্ভাৱনা নাই। তেওঁ আমাক মেহমুদিয়ান বুলি কবলৈ কৈছিল। মেহমুদিয়ান অৰ্থাৎ ইচলাম ধৰ্মীয় লোক বুলি পৰিচয় দি আমাৰ ভাগ্য পৰীক্ষা কৰিবলৈ তেওঁ পৰামৰ্শ দিছিল। ইয়াত ভাগ্য হ'ল পীয়াহৰ পানী টুপি পোৱাৰ ভাগ্য। সেইমতে মই কৰ সংগ্ৰহকাৰীৰ জুপুৰিটোলৈ গৈ আমাক পানী দিব পাৰিব নেকি সুধিলো। কৰ সংগ্ৰহকাৰীজনে প্ৰতিক্ৰিয়া হিচাপে আমাক কোন বুলি প্ৰশ্ন কৰিলে। অৰ্থাৎ আমাৰ বৰ্ণ পৰিচয় জানিব বিচাৰিছিল। প্ৰত্যোত্তৰত আমি মুচলমান বুলি জনালো। মোৰ উৰ্দু ভাষাত দখল থকা বাবে উৰ্দুতেই কথোপকথন কৰিছিলো যাতে আমাক মুচলমান বুলি পতিয়ন যায়। কিন্তু সেই কৌশলেৰে কাম নিসিজিল। তেওঁ আমাক কঠোৰভাবে ক'লে, "তোমাৰ বাবে কোনে পানী ৰাখিছে? পাহাৰত পানী আছে।লাগে যদি তাৰপৰা পানী আনা। মোৰ ওচৰত নাই।" ট'ল সংগ্ৰহকাৰীজনে আমাৰ অনুৰোধ উপেক্ষা কৰাত গৰুগাড়ীলৈ ঘূৰি গৈ আমাৰ জেষ্ঠ ভাতৃ সকলক সকলো বিৱৰি কলো আৰু নিৰাশ হৈ পৰি থাকিলো। গাড়ীৰ পৰা বলডহাল খুলি গাড়ীখন এঢলীয়াকৈ মাটিত থোৱা হ'ল। আমি আমাৰ বিছনা-পাটি গৰুগাড়ী খনৰ তলত পাৰি ললো আৰু জীৰণিৰ বাবে দীঘল দি পৰিলো। এতিয়া আমি সুৰক্ষিত স্থানত আহিলো যদিও আমি কি কৰিম ভাবি-চিন্তি পোৱা নাছিলো। শেষতীয়া ঘটনাটোত আমি উদ্বিগ্ন হৈ আছিলো। আমাৰ লগত খাবলৈ প্ৰয়োজনীয় খাদ্য আছিল আৰু লগতে আমাৰ পেটত নিগনি দৌৰ আৰম্ভ হৈছিল যদিও পানীৰ অভাৱত খাওঁ বুলিলেও ‌‌‌‌‌খাব পৰা নাছিলো। কেৱল অস্পৃশ্যতাৰ বলী হৈয়েই ভোকৰ যন্ত্ৰণা সহি খালী পেটেৰে আমি শুই পৰিছিলো। আমাৰ জেষ্ঠ ভাতৃয়ে আমাৰ ৪ ভাতৃৰ ভিতৰত পাল পাটি দুজনকৈ জাগি থাকি আৰু দুজন কৈ শুৱাৰ পোষকতা কৰিছিল যাতে অনিশ্চিত ভৱিষ্যতৰ পৰা আমাৰ একো হানি নহয়। সেই প্ৰস্তাব মতেই পাহাৰৰ তলত ৰাতিটো পাৰ কৰিছিলো। দোকমোকালি পুৱাতে গাড়োৱাল আহি ওলাল। পুৱা প্ৰায় ৫ বজাতেই গাড়োৱালজন আহি আমাক গুৰগাও যাত্ৰাৰ বাবে সাজু হ'বলৈ পৰামৰ্শ দিছিল। তেতিয়া আন্ধাৰ নামি অহাৰ বাবে আমি পোনচাটেই তেওঁৰ পৰামৰ্শ নাকচ কৰিছিলো। পুৱা ৮ বজামানলৈকে অৰ্থাৎ পোহৰ ভালদৰে নোহোৱালৈকে আমি লৰচৰ নহওঁ বুলি জনালো। আমি দৰাচলতে তেওঁক কোনো সুযোগ দিব বিচৰা নাছিলো। গাড়োৱালজনে উত্তৰত না নকৰিলে। সেয়ে আমি পুৱা ৮ বজাত যাত্ৰা পুনৰ আৰম্ভ কৰি১১বজাত গুৰগাওঁ পালোগৈ। দেউতাই আমাক দেখি অতি আচৰিত হৈ ক'লে যে আমি অহাৰ কোনোধৰণৰ খবৰ তেওঁ পোৱা নাছিল। আমি দৃঢ়তাৰে কলো যে আমি দস্তুৰমত চিঠি যোগে দেউতাক জনাই আহিছো। কিন্তু দেউতাই এই কথা অস্বীকাৰ কৰিলে। অৱশেষত উৰহী গছৰ ওৰ ওলাল। আমি জানিব পাৰিলো যে এই গোটেই খেলিমেলি খিনি দেউতাৰ কাৰ্যালয়ৰ পিয়নজনৰ বাবেই হ'ল। পিয়নজনে দেউতাক চিঠিখন দিবলৈ থাকি গৈছিল। এয়া হয়তো পিয়নজনৰ ইচ্ছাকৃত আছিল অথবা তেওঁ চিঠিখন দিবলৈ পাহৰি পেলাইছিল আৰু দেউতাই আমাৰ আগমনৰ খবৰ নুপুৱা বাবেই আমাৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হ'ল।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)