মুক্ত হ'ব বিচাৰে প্ৰাণ...
অপেক্ষা আৰু কিমান সময়...
ঔষধ আৰু কিমান?
তোমাক লৈ লেখব মন আছিল এক আকাশ
লেখোতে লেখোতে মাত্ৰ
পৃষ্ঠা দুই বা তিনি হ'ব।
মই সুধিলো আৰু লাগিব?
তোমাৰ কোনো সহাঁৰি নাই
কবিয়ে যে আৰু লেখিব খোজে...
উত্থান-পতনৰ ,হৰ্ষ বিষাদৰ
আৱেগ অনুভুতিৰ গান
সকলো লেখি লেখি ভাগৰে কবিৰ প্ৰাণ ।
কবিৰ সপোন বোৰ যেন সপোন হৈ ৰ'ব ?!
প্ৰিয়াৰ বিপৰীতে লিখিলে অপ্ৰিয় হয়।
দেশৰ ভুল আঙুলিয়ালে হয় দেশদ্ৰোহী
কবি সাৰ্বজনীন হ'লে চিহ্নিত হ'লে হয় পাগল......
পাগল.......
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ