জৰ্জৰিত ডাচবিন,
বিলাসী গাড়ী এখনে প্লাষ্টিকৰ টোপোলা এটা দলিয়াই দি মুহূৰ্ততে আঁতৰি গ’ল।
ৰৈ আছিল আন এটা জীৱন্ত ডাচবিন ,
তাৰ ছাঁত.....
তাই জীৰ্ণ হাত দুখন মেলি
ক্ষিপ্ৰতাৰে টোপোলাটো শূন্যতে ধৰি বহি পৰিল,
এমুঠি পোহৰে
ফুটপাথৰ শেলুৱৈবোৰ আঁচুৰি হাঁহি উঠিল
এখন্তেক৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ