অভিমানী হৃদয়খনে বৰকৈ
উচুপি উঠে নিশাৰ গভীৰতাত
দুচকুৰ দুধাৰি চকুলো মই
চেষ্টা কৰিও ৰখাব নোৱাৰোঁ,
তোমাৰ লগত পাৰ কৰা
প্ৰতিটো স্মৃতি চকুৰ সন্মুখত
ভাঁহি আহি আমনি কৰিলে ।
কেতিয়াও পাহৰিব নোৱাৰোঁ
আৰু পাহৰিবলৈ যত্নও নকৰোঁ
কিয় গুছি গলা তুমি দূৰলৈ ?
তুমি কথা দিছিলা চিৰদিন
কাষত থাকি সাহস দিয়াৰ
তুমি সকলো পাহৰি আঁতৰি গলা
এবাৰো কিয় নাভাবিলা তুমি?
আহিবলগীয়া দিনবোৰ
কেনেকৈ তোমাৰ অবিহনে পাৰ কৰিম
কাক দেউতা বুলি মাতিম
কোনে তোমাৰ দৰে মৰম কৰিব ?
কোনে শাসন কৰিব দেউতা?
সেই দিনবোৰ মনত পৰে
মোৰ সৰু সৰু হাতেৰে যে
তোমাৰ ভৰি মালিচ কৰি
তোমাৰ যত্ন লৈছিলোঁ
মাৰ আচলত ধৰি মেডিকেললৈ
তোমাক চাবলৈ গৈছিলোঁ,
তুমি কৈছিলা তোমাৰ ভাল হ'ব
তুমি জীয়াই থাকিবা
কিন্তু দেউতা তুমি মোক
এবাৰো নোকোৱাকৈয়ে
বহু দূৰলৈ গুছি গলা ।
নিশাৰ গভীৰতাত
তুমি ঘৰলৈ ঘূৰি আহিছিলা
ভাবিছিলোঁ সদায় অহাৰ দৰে
সেইদিনাও তুমি আহিছিলা
টোপনিৰ পৰা উঠি চকু মোহাৰি চাওঁতে
বহুত মানুহ দেখিছিলোঁ
কিন্তু তোমাক দেখা নাছিলোঁ
বাহিৰলৈ দৌৰি গৈছিলোঁ
দেউতা দেউতা বুলি ,
কিন্তু তুমি মাত নিদিলা
অচিন দেশলৈ গুছি গলা
নিশাৰ গভীৰতাত
আমাক নিথৰুৱা কৰি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ