কাউণ্টডাউন -ৰাতুল চেতিয়া ফুকন

©Admin
0
সময় সমাগত 
পৃথিৱীৰ শেষৰটো কবিতা লিখাৰ সময়
সকলো সাজু 
শব্দ কলম কবি।
আত্মৰক্ষাৰ প্ৰতিযোগিতাত 
বিধ্বংসী সৃষ্টি।
কোনেও ভবা নাই কোনে পঢ়িব
পৃথিৱীৰ শেষৰটো কবিতা।
উন্মাদ অনুভৱত
ভাৰাক্ৰান্ত পৃথিৱী ।
সেয়ে হয়তো গ্ৰহান্তৰত বাসস্থানৰ সন্ধান।
পৃথিৱী ৰক্ষাৰ স্বাৰ্থত 
আমি যদি জন্তু হওঁ
পৃথিৱী খন অৰণ্য হ'ব।
যি অৰণ্যত যুগে যুগে জন্ম পাব
সাধনা ব্ৰত ঋষি মুনি ।
শেষৰ টো কবিতা লিখাৰ আগতে 
আহাঁ আমি এবাৰ জন্তু হৈ চাওঁ 
সজাই তুলিবলৈ এখন অৰণ্য ।


✍️ৰাতুল চেতিয়া ফুকন , 
      চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)