যাৰ বুকুৰ স্পন্দনত ,
উঠা - নমা কৰে
ধৰিত্ৰী নিঠৰুৱা জীৱন ।
চূণ - বিচূণ হয় ৰাজ মেৰুদণ্ড।
জীয়াঢল , এক নৰশাদ
যাৰ দুবাহু দেউকাৰে ,
ক্ষণিকতে শেষ হয় ,
হাজাৰ বিজাৰ
সোণালী শইচ ।।
জীয়াঢল , তুমি কিয় বাৰু
ইমান নিদাৰুণ ?
তোমাৰ বুকুৰ উমত
জীপাল হয়
ৰংমন হতঁৰ
আশা গুধীয়া মন,
আৰু চঞ্চল হয়
আঘোনী তৰালী
ৰূপ যৌৱন ।
জীয়াঢল , তুমিতো নাজানা
কিয় ? তোমাৰ কাষত
থাকিব নোৱাৰোঁ ;
তোমাৰ ফুলি উঠা বুকুখনি
দেখি , মোৰ বৰ ভয় লাগে ;
সৌ , দূৰণিৰ পৰা
তোমাক জুমি -জুমি চাওঁ
তোমাৰ নিদাৰুণ হৃদয়ৰ
অমাৱস্যা প্ৰতিটো পল ।
✍️ইৰাণী বৰগোহাঁই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ