এজাক চৰাই উৰি আহে,
দেহত বসন্ত আঁকি
পুনঃ এটা হালধীয়া সাধুৰ বুকুত থিতাপি লয়।
পাটমাদৈ!
হালধীয়া ৰাগিত ডুব যোৱা এটা দুপৰীয়াৰ সাধু
শুনিবা নেকি পাটমাদৈ?
"অপেক্ষাৰ বোল সানি দুপৰীয়াটো ডুবি থাকে.....
ঋতু ফুলৰ অহা- যোৱা তাৰ দেহত,
নিশাৰ আৰাধনাত আকৌ ডুবে দুপৰীয়াটো-
পোৱাৰ ভাবত কিম্বা নোপোৱাৰ বেজাৰত;
পুনঃ অপেক্ষাৰ বোল সানি দুপৰীয়াটো ডুবি থাকে.... "
পাটমাদৈ!
এখিনি হালধীয়া তোমাৰ দেহৰ বিন্যাসত;
তুমিয়ো ডুবিছা নেকি হালধীয়া ৰাগিত?
কিম্বা সানিছা নেকি দুপৰ বৰণ?
এজাক- এজাককৈ বহুটা ঋতুৰ বহু জাক বৰষুণ;
দুপৰীয়াটো বাৰু তেনেকৈয়ে ডুবি আছে নেকি
হালধীয়া ৰাগিত?
পাটমাদৈ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ