কেঁচা মাটিৰ গোন্ধ সনা দেউতাৰ পুৰণি কামিজটো
বহুদিন ধৰি দেউতাই পিন্ধি থকা কামিজটো বখলা বখলে ফটা।
বগা ৰঙৰ কামিজটো ধোঁৱা বৰণৰ হৈ পৰিল
তথাপিও আছিও পিন্ধি থাকে দেউতাই সেই কামিজটো।
দেউতাৰ সেই ফটা কামিজটোৰ ঠাইত নতুন এটা কামিজ কিনিবলৈ মায়ে কোৱা প্ৰায়ে শুনো
তেতিয়া হাঁহি এটিৰে দেউতাই উত্তৰ দিয়ে
-" হেৰা হ'ব দিয়াচোন।এই ফটা কামিজটোৱে মোৰ ভাল লাগে "
ফটা কামিজটো যে কিয় প্ৰিয় তেওঁৰ
সেয়া মায়ো ভালদৰেই বুজে
নহ'লেনো তেওঁ সেই অতদিনৰে পৰা একেসাজ কাপোৰকে পিন্ধি কতাই নে।
কত যে ত্যাগ আৰু আশা লুকাই আছে সেই ফটা কামিজ আৰু পুৰণি মলিয়ন কাপোৰসাজত।
সেই ফটা কামিজটো পিন্ধি কৰা পৰিশ্ৰমেৰেই
আমি সুসজ্জিত মন পচন্দৰ চোলা পাইজামাৰে
কিম্বা
ভনীজনীৰ ৰং বিৰঙৰ ফ্ৰকেৰে।
সেই ফটা কামিজটো পিন্ধি কৰা পৰিশ্ৰমেৰে
আমাৰ প্ৰয়োজনবোৰ নিমিষতে পুৰণ হৈ পৰে।
কত যে ত্যাগ লুকাই আছে সেই কামিজটোৰ আঁৰত
দেউতাৰ সেই ফটা কামিজটোৱে কত যে আশা টোপোলা বান্ধি ৰাখিছে
আজিও পিন্ধি আছে দেউতাই তেওঁৰ সেই ফটা কামিজটো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ