এই আঘোণতে তাইৰ বিয়া।
পথাৰত চেঁচু খন্দা,
নৰাৰে পেঁপা বনোৱাবোৰ এতিয়া অতিত হ'ল।
এতিয়া...
সোণপাহিয়ে সেন্দুৰ ল'ব।
আঘোণৰ পথাৰত সোণপাহি দাৱনী হ'ব।
সোণোৱালী দলিচাত,
সোণপাহিৰ কাঁচিয়ে চিকমিকাব।
আমোলমোলাব সোণপাহিৰ,
হাঁচতিৰ তামোলৰ গোন্ধে ।
আঘোণৰ পথাৰত দাৱনীৰহঁতে,
সোণপাহিৰ হাঁহিয়ে খিলখিলাব।
নিৰব শ্ৰোতা হ'ব,
কান্ধত দাঙৰি লৈ যোৱা পুৰুষবোৰ।
এতিয়া সোণোৱালী দলিচাৰ সোণগুটিৰ সৈতে,
সোণপাহি ঘৰৰ লখিমী হ'ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ