এটা সময় আছিল
যিটো সময়ত মনৰ সকলো
সুখ দুখৰ কথা পাতিছিলো
ধেমেলীয়া কথাত হাঁহিছিলো
অভিনয় নকৰাকৈয়ে বহুত
সুখী হৈ আছিলোঁ মই
নিজৰ কণমানি পৃথিৱীখনত।
কিন্তু সময়ৰ ব্যৱধানত
সকলো সলনি হৈ গ'ল
লাহে লাহে কথা পতা বন্ধ হ'ল
ভাললগা বেয়ালগাৰ মাজতো
ব্যৱধান আহি পৰিল
সপোনবোৰ মৰহিল ।
নিজকে পাহৰি গলো
লাহে লাহে উপলব্ধি কৰিলোঁ
মই যেন নিজকে হেৰুৱাই পেলাইছো
বহুত চেষ্টা কৰিলোঁ নিজকে
সম্পূৰ্ণ সলনি কৰিবলৈ
কিন্তু সময়ৰ ব্যৱধানত
মই পৰাস্ত হৈ থমকি ৰলো
অপেক্ষা কৰিবলৈ বাদ দিলোঁ।
সোণালী দিনবোৰৰো যে
কেৱল মাথোঁ স্মৃতি থাকি গ'ল
সেয়ে অভিনয় বেয়া পোৱা স্বত্তেও
সকলোৰে আগত অভিনয় কৰি
বিষাদবোৰ লুকুৱাই ৰাখিলোঁ।
এটা ধৰা বন্ধা নিয়ম
সকলোৰে পৰা পালোঁ
নিজকে পাহৰি যোৱাৰ ফলতেই
নিজক বিচাৰিও আজি
মোৰ কাষত পোৱা নাই ,
সময়ৰ ব্যৱধানত নিজকে
জয়ী কৰিব নোৱাৰিম হয়তো
কিন্তু অভিনয় কৰিব পাৰিম
আৰু এনেকৈয়ে সময়ৰ ব্যৱধানত
নিজকে নিজৰ মাজলৈ
পুনৰ ঘূৰাই আনিম মই
যিমানেই সময়ৰ ব্যৱধানে
বাধা দিলেও মই পাৰিব লাগিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ