গ্রাম্যাঞ্চলৰ পৰা বিলুপ্ত হবলৈ ধৰিছে লিখা-পঢ়া। এতিয়া আৰু সন্ধিয়াৰ পিছত কোনো ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ শব্দ শুনি আন কোনোজনে প্ৰতিযোগিতামূলক মনোভাৱেৰে পঢ়া শুনা নকৰে।
"অমুকে পঢ়ি আছে, শুনা নাই? তই কিয় বহি আছ" বুলি কোনো পিতৃ- মাতৃয়ে নিজৰ সন্তানক দাবী ধমকি নিদিয়ে!
অথচ ১০/১৫ বছৰমান আগতো সন্ধিয়াৰ পিছত চৌদিশৰ পৰা বিভিন্ন সুৰত পাঠ পঢ়াৰ শব্দ বতাহত ভাহি আহিছিল। পৰীক্ষা ওচৰ চাপিলেতো কথাই নাছিল। কোন সহপাঠী বন্ধুৱে দিন ৰাতি কিমান সময় লিখা পঢ়া কৰে, লুকাই চুৰকৈ তাৰ খবৰ লৈ পঢ়াৰ প্ৰতিযোগিতাত নামিছিল।
পঢ়া শুনাত একেবাৰে দুৰ্বল ছাত্র- ছাত্ৰীজনীও শাস্তিৰ ভয়ত পুৱা গধূলি পঢ়াপাটীত বহিছিল। যিকোনো পৰীক্ষাৰ সময়ত গভীৰ নিশা টোপনিৰ পৰা উঠি পঢ়াৰ টেবুলত বহিছিল। ইয়াৰ বাবে এলার্ম থকা ঘড়ীৰ বিশেষ একধৰণৰ চাহিদাও আছিল।
মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাৰ বাবে মাষ্টাৰচ ছাজেচনৰো বৰ চাহিদা আছিল। আগৰ বছৰ পাচ কৰা জ্যেষ্ঠ ছাত্ৰ- ছাত্ৰীৰ ছাজেচন আৰু নোট বুকবোৰ কম দামত কিনিবলৈ খোৱা-কামোৰা লাগিছিল।
মাজত মাত্ৰ এই কেইটা বছৰৰ ব্যৱধানত বহু কিছু সলনি হৈ গল। সন্ধিয়াৰ পিছত এতিয়া ছাত্ৰ বা ছাত্ৰী নামধাৰী লৰা-ছোৱালীবোৰে মোবাইলৰ মাজত সোমাই পৰিল। বিশেষকৈ ছাত্ৰসকলে দল বান্ধি মোবাইল গেমচৰ প্ৰতিযোগিতাত নামিল। কতো কোনো পঢ়াৰ শব্দ নাই। সকলোৱে আই পি এল জুৱা, গ্রুপ চেটিং, অনলাইন/অফলাইন গেমচ, পাব্জি, ফ্রী ফায়াৰ, টিকটক আদিত মচগুল। বিভিন্ন ষ্টাইলত চুলি কার্টিং কৰি গাওঁ-চুবুৰীৰ তিনিআলি, চাৰিআলি বা বজাৰত আড্ডা দিয়া, নীচা জাতীয় দ্ৰব্য সেৱন কৰা, গ্রুপিং কৰা, শিক্ষক- শিক্ষয়িত্ৰীৰ নামত অপ-প্ৰচাৰ কৰা, মিছা বদনাম দিয়া, নিয়ম ভঙা আদিয়েই সিহঁতৰ বাবে এতিয়া মুখ্য পছন্দৰ কাম....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ