ক্ষন্তেকৰ বাবে ৰৈ যোৱানা
চাই যোৱানা এবাৰ
মৰম আকলোৱা হৃদয়খনত
কিদৰে এগালমান
মৰমহীন শেলাই আৱৰি ধৰিছে ।
যোৱাহি চাই অভিমানি মনটোৱে
বুকুত জমা হৈ ৰোৱা
অভিমানৰ ভৰ সহিব নোৱাৰি
কিদৰে চটফটাই ফুৰিছে ।
চাই যোৱানা এপলক
ভালপোৱা সুৰৰ তৰংগ বিচাৰি
কিদৰে নিথৰ হৈ পৰিছে ।
হৃদয়খন যোৱাহি চাই
কিদৰে নীলা ভালপোৱা
হৃদয় খনক বিষন্ন ডাৱৰৰ কলীয়া মেঘ এচপৰাই আৱৰি ধৰিছে।
যোৱাহি চাই জোনাক ভালপোৱা হৃদয়খনে
কিদৰে তমসা নিশাৰ ঘোৰ এন্ধাৰত চিঞৰ উঠিছে ;
মাথোঁ অকণমান ভালপোৱা পোহৰৰ সান্নিধ্য বিচাৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ