বিনিদ্ৰিত নিশা - হীৰক জ্যোতি দাস

©Admin
0
উজাগৰে ৰোৱা 
বিনিদ্ৰিত নিশা বোৰত
কলমৰ চিয়াঁহীৰে নিগৰি আহে
বিষাদৰ হুমুনীয়া বোৰ 
প্ৰতি নিয়ত পালন কৰা 
জীৱন নাটৰ শেষত 
পোৱা নোপোৱা হিচাপ নিকাচৰ 
পেৰাটোৰ পৰা 
নোপোৱা ঘ্ৰাণ বিয়পি পৰে 
নিজম কোঠালীত।
বিনিদ্ৰিত নিশা বোৰত খিৰিকীৰ সীপাৰে 
নীৰৱে সৰি পৰা নিয়ৰৰ টোপাল বোৰে
নুপুৰ বজাই ভঙ্গ কৰে 
মোৰ কোঠালী ৰ নিৰৱতা
বিষাদৰ হুমনীয়া বোৰত 
আনন্দ ৰ জোৱাৰ তুলিবলৈ 
অপ্ৰাণ চেষ্টা চলাই‌ 
প্ৰতি টোপাল নিয়ৰ‌ৰ কনিকাই
খিৰিকী ফাকেৰে অহা
চেঁচা শীতল সমীকৰণ জাকে 
আলিঙ্গন কৰেহি 
নিৰৱতা ভঙ্গ কৰাৰ স্বাৰ্থত।
‌  
 
‌               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)