ইখনৰ পিছত সিখন স্মৃতিৰ পৃষ্ঠা লুটিয়াই
বিচাৰি ফুৰিছোঁ অতীত।
যি অতীতত এজনী গাভৰুৱে মাথোঁ
হাঁহিব আৰু হহোঁৱাব জানিছিল।
বিলাই ফুৰিব জানিছিল প্ৰেম ।
শিশুবোৰ আছিল বুকুৰ এফাল ।
মাজে মাজে ৰাতিবোৰ বৰ দীঘলীয়া হয়
ইখনৰ পিছত সিখন জীৱনৰ পৃষ্ঠা লুটিয়াই লুটিয়াইয়ো শেষ নহয়
ৰাতিৰ আন্ধাৰ বাঢ়িহে যায়
ঘন কুঁৱলীৰ এন্ধাৰত যেতিয়া হেৰাই যায়
চকুৰ ক্ষমতা
মনিব নোৱাৰোঁ একো
সেই পৰলৈকে মই উজাগৰে থাকো
মাজে মাজে ৰাতিবোৰ বৰ জটিল হয়
যি জটিলটাই ভাঙি দিব খুজে
মন আৰু মস্তিষ্ক
অথচ আমি জী থাকিব লাগিব
জী থকাৰ স্বাৰ্থত ক্ৰমশঃ লুটিয়াই যাওঁ
অতীতৰ দস্তাবেজ ।
অতীতে হহোঁৱাই
অতীতে কন্দোৱাই
অতীতে জীয়াই থাকিবলৈ শিকাই
ইমান প্ৰণোদিত!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ