স্বৰ্গনাৰায়ণৰ ৰাজ্য সম্প্ৰসাৰণ নীতি আৰু ইতিহাসৰ পৃষ্ঠাত মৰঙিৰ তাৎপৰ্য -ৰঞ্জন প্ৰতীম নেওগ

Rinku Rajowar
0
মধ্যযুগীয় কামৰূপী ইতিহাস অথবা অসম বুৰঞ্জীৰ আহোম ৰাজ্যৰ ইতিহাস সম্বলিত অধ্যায়ৰ গুৰুত্বৰ বিষয়ে সকলো জ্ঞাত। দুটা গুৰুত্বপূৰ্ণ ৰাজবংশ আহোম তথা কছাৰীসকলেই নহয় , তাৰোপৰি এইক্ষেত্ৰত বাৰভূঞা -কলিতা গোষ্ঠী আৰু চুতীয়া ৰাজ্যৰ ত্ৰিপাক্ষিক  সংঘৰ্ষ , উমৈহতীয়া মিত্ৰতাসূচক এক ছবিৰ কথাও পোহৰলৈ আহে । এই ঘটনাক্ৰমে সুনিৰ্দিষ্ট গতি লোৱাৰ সময় হ‌’ল আহোম স্বৰ্গদেউ চুহুংমুঙ / স্বৰ্গনাৰায়ণ ৰজাৰ ৰাজসিংহাসন আহোৰণ আৰু তৰিৎ গতিত ৰাজ্য বিস্তাৰৰ উচ্চাকাংক্ষ্যা । এইগৰাকী শাসকৰ ৰাজত্বকালতেই ( ১৫৩১ খৃষ্টাব্দ) আহোম ৰাজশক্তিয়ে কছাৰী ৰাজ্যৰ অন্তৰ্গত মৰঙিত কোঠ মাৰে ,তেতিয়াৰ পৰাই অসম বুৰঞ্জীত মৰঙি ( কিছু উৎসৰ মতে মৰঙ্গী) নামটো পোহৰলৈ আহে ।

 তদানীন্তন কছাৰী ৰাজ্যৰ শাসক খুনখুৰাক পৰাস্ত কৰি আহোম-কছাৰী ৰাজ্যৰ সীমা মৰঙি -শিতল নেঘেৰি লৈকে হোঁহোকাই আনে । ইয়াৰ পূৰ্বে কছাৰী ৰাজ্যৰ সীমা দক্ষিণে কলং নদী পৰ্যন্ত বিস্তৃত হৈ আছিল । বৰ্তমানৰ গোলাঘাট জিলাৰ অন্তৰ্গত এটা মৌজা , বৃহত্তৰ অঞ্চলত পৰিণত হোৱা মৰঙি ঠাইডোখৰ অৱশ্যে কছাৰী ৰজাৰ শাসনকালত ডিমাপুৰৰ পৰা নগাঁও পৰ্যন্ত মৰঙি বুলিয়েই পৰিচিত আছিল । বাৰভূঞা -কলিতা গোষ্ঠী আহোম ৰাজবংশৰ মাজত গঢ় লৈ উঠা ৰাজনৈতিক মিত্ৰতা, কছাৰী -আহোম পাৰস্পৰিক প্ৰতিযোগিতা আদি ঘটনাৱলীয়েই চুহুংমুং /স্বৰ্গনাৰায়ণ ৰজাৰ সাম্ৰাজ্যবিস্তাৰৰ পটভূমি নিৰ্মাণ কৰিছিল। আহোম শাসক চুডাংফাৰ পৰা প্ৰতাপ সিংহৰ ৰাজত্বকালপৰ্যন্ত ৰণনীতিৰে মৰঙিলৈকে কছাৰীসকলক খেদি নগা পৰ্বত বশ কৰি ,আইটনীয়া ,চুতীয়া গোষ্ঠীক দমন কৰি আহোম শাসন‌ সুদৃঢ় কৰাৰ কথা এখন পুৰণি বুৰঞ্জী পুথিত উল্লেখ আছে।
     ১৫১৩ খৃষ্টাব্দত চুতীয়া ৰাজ্যৰ ৰজা নীতিপালে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ দিহিং নদীয়েদি দিখৌমুখলৈ আহিছিল। স্বৰ্গদেউ চুহুংমুঙে বাৰভূঞা গোষ্ঠীৰ সৈতে মিত্ৰতা কৰি কনচেং বৰপাত্ৰগোঁহাইৰ নেতৃত্বত সৈন্য বাহিনীৰ সহায়ত চুতীয়া ৰাজশক্তিক পৰ্বতলৈকে খেদি নি সমূলঞ্চে আহোম ৰাজ্যৰ তলতীয়া কৰিছিল। এই মিত্ৰতাৰ পাছত আহোম আৰু বাৰভূঞা -কলিতাৰ মাজত 
ৰাজনৈতিক সম্বন্ধ প্ৰগাঢ় হৈ পৰিল।
ইয়াৰ পূৰ্বে এইগৰাকী স্বৰ্গদেউ চুহুংমুঙেই ১৫০৫ খৃষ্টাব্দত বাৰভূঞা -কলিতা ৰাজ্য আক্ৰমণ কৰি , ৰাজ্যখনৰ ভূঞাসকলক উপযুক্ত বিষয়বাব দি ৰাজ্যৰ বিভিন্ন ঠাইত নিযুক্তি দিছিল। বাৰভূঞা ৰাজশক্তি বুলি দুৰ্বল হৈ পৰিলেও সামন্তীয় শক্তি হিচাপে বাৰভূঞা সকলৰ প্ৰতিপত্তি অটুট আছিল। বৰ্তমান অসমৰ বিশেষকৈ উজনি প্ৰান্তৰ আৰু উত্তৰ অসমৰ সিঁচৰতি হৈ থকা কলিতা জাতিৰ গৰিষ্ঠসংখ্যকেই বাৰভূঞা সকলৰ উত্তৰসূৰী , অৰ্থাৎ বাৰভূঞাৰ সন্তান।
১৫৩৫ খৃষ্টাব্দত কছাৰীৰ সৈতে‌ ৰণৰ পাছত স্বৰ্গদেউ চুহুংমুঙ /স্বৰ্গনাৰায়ণে ‘মৰঙি খোৱা গোহাঁই’ বিষয়া হিচাপে এক নতুন বিষয়বাবৰ সৃষ্টি কৰিছিল। ধনশিৰি উপত্যকাৰ নামনি অঞ্চল অৰ্থাৎ দৈয়াং বনাঞ্চলৰ পৰা ডিমাপুৰ ,ৰেংমা ,ডিফু , কাজিৰঙা, বোকাখাত, নগাঁও পৰ্যন্ত এলেকা মৰঙি খোৱা গোহাঁই' পদবীৰ সংশ্লিষ্ট বিষয়াৰ অধীনত আছিল।  অৱশ্যে দৈয়াং ধনশিৰিৰ এই বিশাল উপত্যকা অঞ্চলটি দৈয়াং চহৰ নামেৰেও জনাজাত আছিল । এই সমগ্ৰ অঞ্চলটোৱে নাম দৈয়াং, ওপৰ দৈয়াং,বচাদৈয়াংক সামৰি লৈছিল । বৰ্তমানৰ  বোকাখাতৰ‌ পৰা মৰঙি মৌজা সামৰি পশ্চিম অংশ আছিল নাম দৈয়াং। 
এই পদবীত (মৰঙি খোৱা গোহাঁই) অধিষ্ঠিত হোৱা প্ৰথমজন ব্যক্তি আছিল বাৰভূঞা সকলৰ অন্যতম লাচাম  কলিতা ভূঞা ,যাৰ প্ৰকৃত নাম আছিল শ্যামকলীয়া / চামকলীয়া । কিয়নো লাচাম আছিল টাইমূলীয় তুৰুং জনগোষ্ঠীৰ (পৰম্পৰা অনুসৰি ঘৰৰ তৃতীয় কনিষ্ঠ সন্তানক বুজোৱা ) এটা শব্দ। লাচাম কলিতাৰো সৰ্বমুঠ তিনিজন ককাই -ভাই আছিল আৰু সেয়েহে এই অঞ্চলত বহুল প্ৰচলিত টাই -তুৰুং সকলৰ শব্দৰে সম্বোধন কৰাত আচৰিত হ’বলগীয়া বিষয় নহয় । বংগৰ চুলতানৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত হোৱা অসম অভিযানৰ সময়ত স্বৰ্গদেউ চুহুংমুঙ/স্বৰ্গনাৰায়ণক যুদ্ধত সহায় কৰি আস্হাভাজন‌ হোৱা ৰৌতাৰ ( কলংপাৰৰ এখন ঠাই বুলি পোৱা গৈছে) লাচাম কলিতা ভূঞাক পুৰস্কৃত কৰি স্বৰ্গদেৱে এই গুৰুত্বপূৰ্ণ পদবীত থাপিছিল। পুৰণি অসম বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চুহুংমুঙে ৰটাটেমনি দখল কৰি বাৰভূঞাক ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰৰ বাঁহবাৰীত সংস্থাপিত কৰিছিল বাবে এইগৰাকী লাচাম কলিতাক বাঁহবড়িয়া চেতিয়া বুলিও জনা‌ হয় ।
পূৰ্বৰ আহোম শাসকে কোনো ঠাই জয় কৰিলে নিজ জাতি-কূলৰেই বৰগোহাঁই, বুঢ়াগোহাঁই আদি পদবী প্ৰদান‌ কৰিছিল যদিও লাচাম কলিতাক  প্ৰথমজন মৰঙি খোৱা গোহাঁই পদবীত নিযুক্তি দিয়াটো আগতে কাহানিও নোহোৱা এক প্ৰশাসনিক সিদ্ধান্ত আছিল । 
সেয়েহে চুহুংমুং/ স্বৰ্গনাৰায়ণৰ শাসনকালত আহোম বুৰঞ্জী আৰু সমসাময়িক আন জাতি -গোষ্ঠীৰ ৰাজ্য বিস্তাৰৰ বাবে কৰা কুচ-কাৱাজৰ কথা  আৰু প্ৰশাসনিক সুবিধাৰ্থে কৰা সকলোধৰণৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত   মৰঙিয়ে বুৰঞ্জী প্ৰসিদ্ধতা‌ আৰু খ্যাতি লাভ‌ কৰিলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)