তেওঁৰ কথা ভাবি আছোঁ
ভাবি আছোঁ তেওঁ এতিয়া টোপনিত
তেওঁ সপোনত বা কাক দেখিছে
কাৰ সতে বা কফিকাপ ভগাই খাইছে
মানালী বা কাৰ সৈতে গৈছে
দুকানৰ ডাৰ্ক চকলেট বোৰ দেখি
তেওঁৰ বাৰু জিভাত লালিত নেকি
তেওঁক বাৰু কোনে কিনি দিছে
গোলাপীয়া আৰু কলা কলা বৰণৰ কাপোৰ
তেওঁ পিন্ধি যোৱা চাদৰ খনৰ কোচ বোৰ বাৰু
মই ঠিক কৰি দিচোনে
মই বাৰু তেওঁক আমনি কৰিছোঁ নেকি
সঁচাকৈ জানোঁ মই তেওঁৰ লগত মানালী গৈছোঁ
নে অন্য কোনোবা
তেওঁক বাৰু কোনে কৈছে
আপোনাৰ দুচকুত কাজল সানিলে
মোৰ বুকুত নিয়ৰ ফুলে
তেওঁৰ ৰঙা ওঁঠযুৰিত মোক জানোঁ দিছে
এটি চুমা খাবলৈ
এতিয়া
নিশা বাৰ বাজিছে
তেওঁৰ কথা ভাবি আছোঁ
ভাবি আছোঁ তেওঁ এতিয়া টোপনিত
তেওঁ সপোনত বা কাক দেখিছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ