ভগ্ন হৃদয়ৰ ওৰৰ কাহিনীৰ
ময়েই নীৰৱ শ্ৰোতা ।
কেনেকৈ নো ব্যক্ত কৰোঁ
আজি নিজৰ অনুভূতি,
ক'ত নো লুকুৱাও আজি
দুচকুত স্বাভিমানত স্তদ্ধ
হোৱা বৰষুণ এজাককে।
কেনেকৈ নো দিওঁ আজি সান্তনা
নীৰৱতাই নিচ্ছিন্ন কৰা
বিষাদ পূৰ্ণ হৃদয়ক।
মৌনতাই , নীৰৱতাই
গ্ৰাস কৰা হৃদয়ে
উৰি ফুৰিছে আজি
এক শব্দহীন ধৰণীত ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ