মোবাইল ফোন আৰু যুব প্ৰজন্ম ••মৃন্ময় দাস

@admin
0
বিজ্ঞানৰ বোকোচাত উঠি মানৱ সভ্যতাই আজি আধুনিকতা আৰু উন্নয়ন চৰম শিখৰত উপনীত হোৱা বুলিলেও হয়তো ভুল নহ'ব।

         বর্তমান সময়ত সৰু ডাঙৰ সকলো লোকৰ হাতে হাতে দেখিবলৈ পোৱা এবিধ সহজলভ্য দূৰ- সংযোগ আহিলা হৈছে মোবাইল ফোন। আজি এনে এটা ধাৰাণাৰে সৃষ্টি হৈছে যে একেবাৰে শিশুৰপৰা বয়সস্থলৈ সকলোৰে এটি মোবাইলৰ প্ৰয়োজন। আকৌ এনে কিছুমান মাক-দেউতাকো আছে যিয়ে নিজৰ দহ এঘাৰ বছৰ ল'ৰা-ছোৱালীৰ হাতত দামী মোবাইল তুলি দি গৌৰৱ অনুভৱ কৰে। কিন্তু এই মোবাইল ফোনৰ ব্যৱহাৰ যুৱ-প্ৰজন্মৰ বাবে কিমান যুক্তি সংগত সেই বিষয়ে ভাবি চাৱলগীয়া। আজিৰ দিনত বিভিন্ন সুবিধা থকা মোবাইল ফোন বজাৰত বা দোকানত উপলব্ধ আৰু এই বোৰৰ প্ৰতি যুৱচামৰ আকর্ষণ বেছি। কিন্তু এই মোবাইল ফোনে যুৱ-প্ৰজন্মৰ কিমান অধঃপতন ঘটাইছে সেয়াহে বিচার্য বিষয়। মোবাইল ফোনত ফেচবুক, ইন্টাৰনেট টুইটাৰ আদি বিভিন্ন সা-সুবিধা থাকে। এইবোৰে পৃথিৱীখনক ক্ৰমাৎ সৰু কৰি আনিছে যদিও বহুক্ষেত্রত অপকাৰো কৰিছে।

     মোবাইল ফোনত এছ. এম. এছ. লিখোতে প্রায়ে সাংকেতিক ভাষা যেনে টু ৰ সলনি ইংৰাজী দুই সংখ্যাৰ আৰু গুডনাইটৰ সলনি ইংৰাজী জি ডি এন আৰু আঠ সংখ্যাটো (GDN8) লিখা হয়। কিন্তু এইবোৰে ছাত্ৰ-ছাত্ৰীৰ ভাষা শিক্ষণৰ বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি কৰাৰ কথা নুই কৰিব নোৱাৰি। তদুপৰি এছ. এম. এছ. ব্যৱহাৰৰ ফলত চিঠি বা দর্শান্ত লিখাত অপৰাগতা দেখুওৱা পৰিলক্ষিত হয়। মোবাইল ফোনত ইন্টাৰনেটৰ জৰিয়তে নিম্ন ৰুচিৰ ফটো ভিডিও আদি চাব পাৰি। ই যুৱ-প্ৰজন্মৰ নৈতিক স্থলন ঘটাইছে যিটো আমাৰ সমাজৰ বাবে ভয়াবহ ক্ষতি। তদুপৰি আজি কালি ফেচবুকুৰ কবলত পৰি বহু যুৱক-যুৱতীয়ে নিজৰ জীৱন বিপন্ন কৰাৰ বাতৰি প্রায়েই বাতৰি কাকত, নিউজ চেনেলত প্রত্যক্ষ কৰিবলৈ পোৱা যায়। মোবাইলৰ ব্যৱহাৰো বহু পৰিয়াললৈ পাৰিবাৰিক অশান্তি নমাই অনাও দেখা পোৱা যায়।

        মোবাইলৰ ব্যৱহাৰে কিশোৰ কালৰ অপৰাধ প্ৰৱণতা সমস্যাত অৰিহণা যোগোৱা বুলিও কলে হয়তো ভুল কোৱা নহ'ব। মোবাইল ফোনে যুৱ- প্ৰজন্মৰ স্খলন নিশ্চয়কৈ ঘটাইছে। সেই বুলিয়েই আমি মোবাইল ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰো যিহেতু ইয়াৰ ভাল দিশো আছে। কিন্তু কিশোৰ কিশোৰীসকলে কি দৰে কৰিছে, সেই ক্ষেত্রত অভিভাৱক অভিভাৱিকাসকলে সতর্ক হোৱা উচিত হ'ব। লগতে সকলো ল'ৰা-ছোৱালীয়ে জানিব লাগে যে সকলো কামৰ দুটা দিশ থাকে ভাল বেয়া। এই বি দুটা দিশ মোবাইলততো আছে। তাকে যেনিবা আমি হাঁহে নলা নৰ্দমাৰ পৰা বিচাৰি খুচৰি নিজৰ খাদ্য উলিওৱাৰ দৰে আমিও নিজৰ প্ৰয়োজনীয়তা খিনি বিচাৰি উলিয়াবলৈ আৰু লগতে আমাৰ উত্তৰ পুৰুষকো সেইখিনি জ্ঞান আহৰণ কৰিবলৈ উপযুক্ত মানসিকতা গঢ়ি তুলিব লাগিব। মোবাইলৰ দৰে ইন্টাৰনেট শব্দটি বর্তমান সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে এটি জনপ্রিয় শব্দ আৰু সকলোৰে চিনাকি বর্তমান সকলোৱে মোৱাইল লোৱাৰ পিছত ইন্টাৰনেট ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে মোৱাইল যিমান প্রয়োজন ইন্টাৰনেটো সিমানে প্রয়োজন হয় বুলি ভাবে। কিন্তু এটা সময় আছিল যেতিয়া আমি দূৰ- দূৰনিৰ বা দেশ-বিদেশৰ বাৰ্তা পাবলৈ সক্ষম আছিলো। কিন্তু আজি ইন্টাৰনেটৰ দ্বাৰা আমি দেশ বিদেশৰ খবৰ গ্ৰহ-গ্রহান্তৰৰ বাতৰি পাবলৈ সক্ষম হৈছো। তদুপৰি ফেচবুক বা হোৱাট-ছপ আদিৰ দৰে উন্নত আৰু ক্ষিপ্ৰ সুবিধাৰ মাধ্যমেৰে অতি কম খৰচতে আৰু কম সময়তে যিকোনো বাতৰি গ্ৰহণ বা আদান প্ৰদান কৰিব পৰা হৈছো। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে অপৰাধ আদিও নঘটাকৈ থকা নাই প্ৰেমৰ পৰা মৃত্যু পর্যন্ত ঘটনা ঘটি আছে। এই ইন্টাৰনেটৰ জৰিয়তে একো একোজন ছাত্ৰৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। সেয়েহে আমি সদায় এনে বোৰ যন্ত্ৰৰ পৰা আঁতৰত থাকিব লাগে যাতে আমাৰ কোনো অপকাৰ নহয়। আৰু এই সুন্দৰ জীৱনটো ধ্বংস নহয়। তাৰ কাৰণে এতিয়াৰ পৰা আমাৰ ভাল বেয়া দুটা দিশৰ পৰা আমাৰ প্ৰয়োজনীয়তাখিনি বাছি যুৱ-প্ৰজন্মই এটা নতুন ৰূপ দিবলৈ সক্ষম হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)