মৃত্যুৰ পাছত হয় তেওঁ আমাৰ ভগবান
চকুলোৰে বাট নেদেখোঁ আমি
তেওঁৰ আত্মত্যাগ সুঁৱৰি
কিন্তু জীয়াই থাকোঁতে কেৱল তেওঁ পায়
পাই অৱহেলাৰ যাতনা...।
আত্মা গৰকি যোৱা হুমুনিয়াহ তেওঁৰ
নেদেখে নুশুনে কোনেও
কেৱল শতজনৰ সখা মানুহজন
অৱহেলিত হল একোনত
ৰৈ গল অজস্ব প্ৰতিভা তেওঁৰ অনাদৰত....!
হায় ৰে নিয়তি!
কিনো পৰিণতি
নিলাগৈ এই পবিত্ৰ আত্মা তুমি
যাওঁকগৈ ককাইদেউ আমাক আশীৰ্বাদ কৰি
এই পৃথিৱী এতিয়া অকলশৰীয়া
আপুনি আছিল যেন শেষ
বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ