হৰিণৰ অভিশাপ— বিদ্যুৎ গগৈ

©Admin
0
সূর্যনগৰ নামে এখন ৰাজ্যৰ ৰজা আছিল চন্দ্রধৰ চক্রৱতী। সেই ৰাজ্য প্রায় বিপৰীত। সেই ৰাজ্যৰ সুন্দৰ পুৰৰ লগত বন্ধুত্ব পূর্ণ সম্পর্ক আছিল। সূর্যনগৰৰ পুৰুষে মেখেলা- চাদৰ আৰু নাৰীয়ে পেন্ট আৰু ছার্ট পিন্ধিছিল। পুৰুষে কেঁচুৱা বা বুঢ়া জন্ম দি নিজ গাখীৰ খোৱাই সন্তান ডাঙৰ-দীঘল কৰিছিল আৰু ঘৰুৱা কাম-কাজ যেনে ভাত বনোৱা , কাপোৰ ধুৱা, বাচন ধুৱা আদি কাম কৰি ঘৰতে থাকিছিল। আৰু নাৰীয়ে বিভিন্ন শাৰীৰিক পৰিশ্রম, ব্যৱসায় আদি কৰি নিজ পৰিয়াল পুহ পাল দিছিল। নাৰীয়ে পুৰুষক বিয়া কৰাই ঘৰ জোৱাই কৰি ৰাখিছিল। পুৰুষৰ ঘৰৰ পৰা নাৰীৰ ঘৰলৈ যৌতুক দিছিল। পুৰুষ বুঢ়াৰ পৰা কেঁচুৱা হৈ মৰিছিল। কিন্তু নাৰী কেচুৱাৰ পৰাই বুঢ়ী হৈ মৰিছিল। সেই ৰাজ্যৰ মানুহবোৰ মৃত্যুৰ সময়ত বেমাৰ-আজাৰ নাইবা বিভিন্ন ঘাট প্রতিঘাটৰ মাজেৰে মৃত্যু মুখত পৰিছিল। ইয়াৰ এটা অদ্ভুদ ৰহস্য আছে।

      এদিন ফ্রাঞ্চিছ দেশৰ ৰজা আৰু মন্ত্রীয়ে এখন ৰাজসভাৰ আয়োজন কৰিলে। এই ৰাজ সভাৰ মূল বিষয় আছিল- সূর্যনগৰত পুৰুষে নাৰীৰ কাম আৰু নাৰীয়ে কিয় পুৰুষৰ কাম কৰে। সভাৰ মুখ্য ব্যক্তি ৰূপে সত্রপুৰৰ ৰঘূদেৱে সভা পৰিচালনা কৰে। তেখেতে সূর্যনগৰৰ ৰজা চন্দ্ৰধৰক প্রশ্ন কৰে যে সিহঁতৰ ৰাজ্য, কিয় বিপৰীত। চন্দ্রধৰে সেই প্রশ্নৰ উত্তৰ দিব খোজা নাচিল। সেইয়েহে অস্তিক ৰাজ্যৰ নিদ্রাধৰে এই বক্তব্য আগবঢ়ায় যে- যদিহে মহাৰাজ চন্দ্ৰধৰে তেওঁৰ ৰাজ্যৰ সকলোবোৰ বিপৰীত হোৱাৰ ৰহস্যটো আমাৰ মাজত ব্যক্ত নকৰে, তেন্তে মই ভাবো তেওঁক আৰু তেওঁৰ বংশক ৰাজ পদৰ পৰা উলিয়াই দিব লাগে। কাৰণ প্রত্যেক ৰজাৰে দ্বায়িত্ব যে নিজ ৰাজ্যত চলি থকা সকলো কথা ৰাজসভাত বিৱৰি কয়। আপোনালোকে কি বা কয়।

         এই বক্তব্যটো শুনি সকলো ৰজাই হয়ভৰ দিলে। চন্দ্ৰধৰৰ পুত্র ৰুদ্রদাৰৰ ৰজা হোৱাৰ বৰ হেঁপাহ আছিল। সেইয়েহে তেখেতে সেই ৰহস্যটো সকলোকে বিৱৰি ক'লে-,"প্রায় 35 বছৰৰ আগতে মই মোৰ দেউতা গগন সিংহৰ লগত অৰণ্যত চিকাৰ কৰিবলৈ গৈছিলো আৰু সেইদিনাই এজনী স্বর্গৰ পৰিয়ে কিবা কাৰণত হৰিণৰ ৰূপ লৈ অৰণ্যত ঘাহ খাই আছিল। কিন্তু দেউতাই তেখেতক চিনিব নোৱাৰি তেওঁলৈ কাড় মাৰি দিলে। আৰু লগে লগে হৰিণ জনি এজনী ধুনীয়া পৰিলৈ ৰূপান্তৰ হল। সেই পৰিজনীয়ে মৰাৰ আগে আগে আমাক এটা ডাঙৰ অভিশাপ দি গ'ল। সেয়েহে আজি আমাৰ এনে অৱস্থা। তেতিয়াৰে পৰা দেউতাই সেই কথাষাৰ অন্য ৰাজ্যৰ পৰা লোকোৱাব বিচাৰিছিল। কিন্তু তেওঁ আজি মোৰ বাবে সফল হব নোৱাৰিলে। আজি মোৰ বাবে এই কথাষাৰ সকলোৱে
গম পালে।' কথাবোৰ শুনি সকলোৰে বৰ দুখ লাগিল। আৰু এইখিনিতে সভাৰ অন্ত পৰিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)