কেনেকৈ লিখিম কবিতা ? --শিল্পী দাস

©Admin
0
আজি...
নাই কোনো ভাষা
শব্দবোৰ ঠুনুকা
অনুভৱবোৰ অদৃশ্য 
কল্পনাবোৰ বিষাক্ত 
জীৱনৰ নাই ঠিকনা
চঞ্চল দ্ৰুতগ্ৰামী হিয়া 
কেনেকৈ লিখিম কবিতা ?

কৃষ্টি-কলা-শিল্প-সাহিত্য 
হৈ পৰিছে ৰাজনীতিৰ অঙ্গ 
অতি শিক্ষিত মানৱ 
নিজকে কৰিছে উলঙ্ঘ ,
যান্ত্ৰিকতাৰ গণতন্ত্ৰ
কঙালীত সংকল্প ।

অনিচ্ছাকৃত দিশহাৰা বতাহজাক 
জীৰ্ণ-শীৰ্ণ মনোভাৱ 
আঘাতৰ ওপৰত আঘাত 
ক্ষতদগ্ধ আজি হিয়া ...
কেনেকৈ লিখিম কবিতা ?

অসমাপ্ত কাহিনীৰ বিষাদীয় ৰূপকথা 
কেনেকৈ বৰ্ণনা কৰোঁ ?
আজি শুকান পথাৰখন 
নীৰৱে হুকহুকাই কান্দে — 
খনিকৰ অজুহাত যদিও।

বাস্তৱ জগতৰ সিক্ত চকুলো 
তিক্ত উশাহ ...
কেনেকৈ লিখিম কবিতা 
ভাগৰুৱা হৈ পৰোঁ?

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)