বৰষুণ ভাল পাওঁ••যুগল কিশোৰ কেওঁট

Rinku Rajowar
0
বৰষুণ
তোমাৰ আগমনে মোক উৎফুল্লিত কৰে
মোৰ সীমাহীন দুখৰ সমভাগী হৈ
মোক লগ দিয়া যেতিয়া
কোনেও নজনাকে নিৰবে নিগৰি থকা
দুখবোৰ সাবটি বৈ যোৱা
কোনেও নেদেখা এখন
শুকান শিলৰ নদীলে
যি শিলে যুগ যুগ ধৰি বহন কৰি আহিছে অজস্ৰ দুখৰ বোজা 
বিলাই দিয়া অসংখ্য শিলৰ বুকুৱে বুকুৱে 
কৈ দিয়া তোমাৰ দৰে 
মোৰ দুখৰ সমভাগী হ'বলে 
চিঞৰি চিঞৰি কোৱা 
ওখ ওখ শিলৰ বুকুৱে বুকুৱে প্ৰতিধ্বনিত হওঁক কেতিয়াও 
কোনেও নেদেখা 
মোৰ দুখৰ বেদনাসিক্ত লোটক বোৰ। 
বৰষুণ তোমাক ভাল পাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)