কবিতো নহও মই
শব্দৰ কাঙাল মই।
কবিতাৰ শৰাইখন সজাবলৈ
নাই মোৰ
সাগৰতলীৰপৰা
বুটলি বুটলি অনা
মাণিক মুকুতা প্ৰৱাল
নাই মোৰ
সৰগী কাননৰ পুষ্প পাৰিজাত।
বাটে বাটে বুলি থকা
বনৰীয়া ফুল নাম হীন
গন্ধহীন ফুলৰ পাপৰি
তাকে দি সজাই মোৰ
কবিতা মঞ্জৰী
মাতৃৰ মন্দিৰত
দিওঁ অঞ্জলি।
কোনোৱে বা ঘীণ কৰি
দূৰতে বিদূৰ কৰে
কোনোৱে পুতৌ কৰি
লয় আকোঁৱালি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ