প্ৰেমৰ প্ৰথম খোজ -দিৱ্যজ্যোতি মালো

Rinku Rajowar
0
প্ৰেয়সী মই মোৰ হাতখন মেলি দিছোঁ 
তুমি মোৰ হাতত হাত দিয়া,
বলা, এতিয়া প্ৰেমৰ প্ৰথম খোজ দিওঁ।

প্ৰেয়সী মই মোৰ হৃদয়খন মেলি দিছোঁ 
তুমি মোৰ হৃদয়খন সযতনে ৰাখিবা,
বলা, এতিয়া প্ৰেমৰ সাঁকো পাৰ হওঁ।

প্ৰেয়সী মই মোৰ সপোনবোৰ মেলি দিছোঁ 
তুমি মোৰ সপোনবোৰ দিঠক কৰি দিবা,
বলা, এতিয়া প্ৰেমৰ কল্পনা পাৰ হওঁ।

প্ৰেয়সী মই মোৰ অতীত মেলি দিছোঁ 
তুমি মোৰ ভৱিষ্যত পুৰণ কৰি দিবা,
বলা, এতিয়া প্ৰেমৰ বৰ্তমান পাৰ কৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)