সম‌য় (আত্মকথন) -পাপু শইকীয়া

Rinku Rajowar
0
জাৰ জহ বাৰিষাত কিমান ফুল কুহিঁপাত, 
সুগন্ধি দূৰ্গন্ধ কোনে ছটিয়াই হিয়াত। 
পল অনুপল দিন গৈ বাগৰি, 
মাহত মিলিব আহি। 
মাহ আহি মিলি যাব বছৰৰ বুকুত, 
নতুনৰ সৃষ্টিৰে ৰহণ সানি পুৰণি চকুত। 
ব্যথাভৰা জীৱনৰ পুঞ্জীভূত বিপুল বেদনা, 
নিৰাশাৰ হিয়াভগা প্ৰতিধ্বনি শুনা। 
তোমাৰ ভালপোৱাত এটি সপোনৰ ৰেখা, 
মোহজাল আঁতৰিলে দুনাই দিবা জানো দেখা। 
ব্ৰজকঠোৰ জীৱনত নিৰ্যাতনৰ ঘোৰ কৰ্ষণ লাগি, 
কালবিজয়ী  উঠিব পাৰে ৰুদ্ৰ অনল জাগি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)